ৰুদ্ৰ সিংহ মটক
গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ
মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত
সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই
এজাৰ নিজাৰ পৰা তেজত নুবুজা দুখৰ ক’লীয়া
ডাৱৰ দুচপৰা
নৈ গৰাত থেকা খাই উভতি আহে
উগুল-থুগুল সখী ঔ সুহুৰি এটা...
গাভৰু বিহু গাভৰু বতাহ
ডেকাহঁতৰ হাতত মহৰ শিঙৰ পেঁপা
নাহৰৰ ৰঙা ঢৌ মন উচাতন শিমলু সাগৰ
বিহু মাৰি থাকিলে সোণ নালাগে ভাগৰ
বিহু ভকতিৰ বিহু হেনো পীৰিতিৰ
ধুনীয়া কপৌফুল বগাকৈ তগৰ , মেঘৰ ঢোলত
মঘাইৰ হাতৰ চাপৰ
“ধনশিৰি পাৰে হৈ ঢপলিয়াই
আহিলো...”
চেনাইধন মোৰ ঐ মহুৰা হৈ ঘূৰি ঘূৰি নাচ
গছকত যঁতৰ ভাঙি নাচ মোৰ আইৰ ব’হাগৰ
চোতালত
ৰংদৈ পথাৰ বৰনৈৰ ঘাট বুঢ়া আঁহতৰ তলত
কৌটিকলীয়া কলুষ-কালিমা এন্ধাৰ
পলাওক, হৃদয় মনৰ অপ্ৰেম এলান্ধু খহক...
বিহু ইনন্দীয়া বিহু বিনন্দীয়া, বিহু আমাৰ
মান আমাৰ স্বাভিমান ; ই যে অসমীয়া জাতিৰ
অমল উৎসৱ, গণজীৱনৰ
হৃদস্পন্দন
০০০
ভ্ৰাম্যভাষ -৭০০২৩০৩৮৮২
