অন্যযুগ/


শেষ গান

বিজয় শঙ্কৰ শৰ্মা


ঠিক কেঁকুৰিটোৰ আৰম্ভণিতে
শুভ্ৰবসনেৰে আবৃত
বুঢ়াডাঙৰীয়াই বগাঘোঁৰাটো লৈ 
আকাশৰ ফালে 
ওখ হৈ হৈ 
নোহোৱা হৈ গৈছিল

সিদিনাৰ পৰাই
কেঁকুৰিটোত কোনোৱেই দেখা 
নাই পুৱতি নিশাৰ 
শুভ্ৰবসন বুঢ়াডাঙৰীয়া প্ৰভুক

 নামঘৰীয়াই বৰমেধিক কৈছিল ,
“বুঢ়াডাঙৰীয়া তেনেকৈ আঁতৰি গ’লে 
গাঁওখন নিঠৰুৱা হয় অ’ বৰমেধি ৷ মৰকো নামে ৷”

সিদিনা ৰাতি নামঘৰৰ পৰা ওভতোতে
অদূৰত ধনগুলৈ দেখি 
নামঘৰীয়া নৰীয়াত পৰিছিল ,
লো-জৰাত উজুটি মাৰি
 চিতভোলোঙা খাই পৰি বৰমেধিৰো
ভৰি ভাগিছিল ৷

দুদিন পাছত
নৰিয়া দেহাৰেই ডবা কোবাই কোবাই
নামঘৰীয়াই বৰমেধিক মাথোঁ চিঞৰিছিল,
“কেঁকুৰিটোত এখন কেঞাগোলা হ’ব ৷ 
গাঁওখন চহৰ হ’ব ৷ 
বণিয়াৰ ধন লৈ কাইলৈৰ পৰা গাঁৱৰ ডেকাহঁতে
নদীখন পুতিবলৈ যাব ৷”

সিদিনা
নামঘৰৰ পৰা ওভতাৰ বাটত
ধনগুলৈবোৰে ক্ৰমশঃ কাষচাপি আহি
আগুৰি ধৰিছিলহি নামঘৰীয়াক

নামঘৰীয়াই বুঢ়াডাঙৰীয়াক সুঁৱৰিছিল

বিষে জৰজৰ হৈ বৰমেধিয়েও চিঞৰিছিল
নৈখন পুতি নেপেলাবি অ’
ল’ৰাহঁত…

(যোগাযোগ=৭৮৯৬১-৮৯১৯৫)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ