অন্যযুগ/


বিষয় : জীৱন

 জৰসিং ইংতি ক্লেংদুন


(১)

একোৱে নাই হাতত একোৱে নাই দূৰ-দিগন্তত

মৰুভূত নিজৰ ছাঁ

 

খেদি-খেদি কোন ক’ত হেৰায় তৃষ্ণাতুৰৰ

পানী এটোপা চকুলোৰে ধোঁৱা

 

(২) 

খোজবোৰ বিচাৰি পোৱা-নোপোৱা অতবোৰ কথা সামৰি

কিছু দিকভ্ৰান্ত

মুঠিত শুকান বালি

 

সময়-অসময় এমুঠন আন্ধাৰে আৱৰি ধৰা

বুকুতে খহে

বুকুৰ চুবুৰি

 

(৩) 

ৰ’দত ফুলা দিনৰ ৰং কিছু বাখৰুৱা

স্মৃতি-বিস্মৃতিৰ অলেখ সাধুকথা

কিছু একাকিত্ব কিছু বিচ্ছেদবাদ

 

আপততঃ মাটিফুলৰ গোন্ধত

জীৱন ভাহে

 

ঠিকনা :

২ নং বালিজান কাথাৰ গাঁও

জিলা- গোলাঘাট, থানা-বগীজান

ডাক- ধলাগুৰি, পিন-৭৮৫৬২১

ভ্ৰাম্যভাষ : ৮৬৩৮০০৫২১৩

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ