জয়ন্ত মাধৱ বৰা
৷৷
এঘাৰ৷৷
মেলাৰ দ্বিতীয়
দিনা দোকানখন অকলে চম্ভালাতো গণেশৰ বাবে টান হৈ পৰিল৷ তাৰ দোকানখনৰ ঠাইকণ ভাল৷ মন্দিৰৰ
পৰা ওলাই আহিয়েই পোনে পোনে পায়৷ সেৱা-সৎকাৰ কৰি আহি সকলোৱে চাহ একাপ খাব বিচাৰে৷
কোনোবা সময়ত গ্ৰাহকে এনেকুৱাকে বেঢ়ি ধৰে তাৰ কি কৰোঁ কি নকৰোঁ যেন লাগে৷ ডেনিছেই
প্ৰথমতে কথাটো উলিয়ালে– ‘মোৰ তিৰীটাক মাতি দেং৷ তাই ইগিলা কামত ভাল’৷
: হেই নাল্গে৷ আমিচুন ৰাতি ইয়াতে ঘুণ্টি মাৰি থাকং৷ তাই ক’ত থাক্ব?
: অলপ দূৰত গুস্তি আছে৷ তাহাৰ ফালৰে
গুস্তি৷ তাতে থাক্বা পাৰ্ব৷
গণেশে একো নক’লে৷
এই সময়ত তাক মানুহ লাগে৷ ডেনিছে গণেশৰ ম’বাইলৰ পৰাই ঘৰৰ কাষৰ মানুহ এজনীলৈ ফোন কৰি
ঘৈণীয়েকক মতাই অনালে৷ ককায়েকৰ ম’বাইললৈ ফোন নকৰিলে৷ গালি পাৰিব বুলি ভয় কৰিলে৷
কিছু সময়ৰ পাছতে মানুহগৰাকীৰ মবাইলৰ পৰাই ঘৈণীয়েকে ফোন কৰিলে৷
: অই কথা পাতেক৷ ত’ৰ তিৰীটা ফোন কৰ্ছে
পায়৷ –গণেশে ফোনটো ডেনিছলৈ আগবঢ়াই দিলে৷ ডেনিছে কথাবোৰ এনেকুৱাকে ক’লে যেন
ঘৈণীয়েকক আদেশহে দিছে৷ বোধহয় ঘৈণীয়েকৰ খং উঠিল৷ একে আষাৰে কৈ দিলে– ‘ধুৰ মুই নাযাং।’
নাহো বুলি কোৱাৰ লগে লগে ডেনিছৰো খং উঠি গ’ল৷ ফোনতে সিও গালি পাৰিলে৷ মুঠতে কামটো
নহ’ল৷ গণেশে মুখৰ ভিতৰতে ভোৰভোৰালে–তোক এনেয়ে মই অলৰ্গদ্ধ বুলি নকওঁ নহয়৷
গোটেই দিনটো
ডেনিছে কামৰ মাজতে ভোৰভোৰাই ভোৰভোৰাই ঘৈণীয়েকক গালি পাৰি থাকিল৷ গণেশৰ খংটো বেছিকৈ
উঠিলে ভেকাহি মাৰি দিয়ে– ‘হেই মনে মনে থাক৷ কাম কৰ।’ আবেলি গ্ৰাহকৰ ভিৰ বাঢ়িল৷
চচ্পেনটোত গৰম পানীখিনিত চাহপাত দি উতল অহালৈ চাই থকা গণেশে দেখিলে পলিথিনৰ বেগ
এটা হাতত লৈ ডেনিছৰ ঘৈণীয়েক আহি দোকানখনৰ কাষত আহি থিয় হৈছেহি৷ গণেশে কেৰাহিকৈ
ডেনিছৰ ফালে চালে৷ খঙত ডেনিছৰ মুখখন ফুলি আছে৷ সি ঘৈণীয়েকৰ ফালে নাচালেই৷ গণেশে
জোৰ কৰি ওলাই আহিব খোজা হাঁহিটো বন্ধ কৰিলে৷ ডেনিছৰ ঘৈণীয়েকক একো ক’বলগা নহ’লেই,
নিজে
নিজে তাই কামত লাগি গ’ল৷
গণেশে মন কৰিলে
ডেনিছৰ ঘৈণীয়েক অহাৰ পৰা গ্ৰাহক বাঢ়িছে৷ তাইৰ হাতৰ চাহকাপ ভাল হয়৷ গ্ৰাহকে মুখৰ
আগতে প্ৰশংসা কৰে৷ এইখন দোকানৰ চাহকাপ ভাল বুলি এক প্ৰকাৰ প্ৰচাৰেই হৈ গৈছে৷
সাংঘাতিক খৰকৈ কামবোৰ কৰে৷ চাহকাপ দিওঁতেও হাঁহি এটা মাৰি দিয়ে৷ গ্ৰাহকে ভাল পায়৷
গণেশে একো কৰিব লগা হোৱাই নাই৷ কেৱল পইচা লৈ আছে৷ গধূলি হোৱাৰ লগে লগে গণেশে
ডেনিছক ক’লে– ‘ইয়াৰ ৰাতি থাকা ঠাই থিক কৰ।’
: মানুগিৰিঘৰত যাই সুধ্বা লাগ্বো৷
: এটা কাম কৰ৷ একেবাৰে লুই যা৷ ৰাতি হ’লি
দিগদাৰ হ’ব৷ সোংকালে যা৷ কিবা দিগদাৰী পালি তুইও তাতে থাকিবি৷
ডেনিছৰ ঘৈণীয়েকৰ
যাবলৈ মন নাছিল, গণেশে বহুত বুজালে, ইয়াত থাকিলে যে তাই কষ্ট পাব সেইটো জোৰ
দি কোৱাৰ পাছত তাই মান্তি হ’ল৷ দোকানৰ বস্তুবোৰ সামৰি-সুতৰি তাই ডেনিছৰ সৈতে গুচি
গ’ল৷ তাই গুচি যোৱাৰ পাছত গণেশৰ মনটো উৰুঙা উৰুঙা লাগিল৷ হঠাৎ যেন কিবা এটা হেৰাই
গ’ল৷ হঠাৎ যেন এন্ধাৰে তাক পুতি ধৰিলে৷ হঠাৎ যেন গছৰ পাতবোৰ ঠল্ঠল্কৈ সৰি পৰিল
আৰু পাতসৰা গছৰ ঠেঙুলিয়ে খামুচি ধৰিলে মেঘাচ্ছন্ন জোন৷ তাৰ আৰু কাম কৰিবলৈ মন
নগ’ল৷ গ্ৰাহক আহিলেও কৈ দিছে– ‘একো নাই৷ চব চেচ।’ সি জেপৰ টকাখিনি গিণ্টি কৰিলে৷ কালিতকৈ
বিক্ৰী দুগুণ৷ ডেনিছৰ ঘৈণীয়েকক কিবা এটা দিব লাগিব– সি মনতে ভাবিলে৷ কালি সিহঁত
তীৰ্থযাত্ৰীক থাকিবলৈ দিয়া ঘৰটোৰ বাৰান্দাতে শুইছিল৷ ভালকৈ টোপনি নাহিল৷ প্ৰথম
দিনাই কেইবাটাও চুৰিৰ ঘটনা ঘটিছে৷ গেছৰ চিলিণ্ডাৰটোৰ সৈতে দোকানৰ সামগ্ৰীবোৰ
বাৰান্দাখনতে থৈছে৷ জেপত টকা আছে৷ অন্য নহ’লেও গেছৰ চিলিণ্ডাৰ খুব চুৰি হয়৷ সেইবোৰ
চিন্তাতে তাৰ টোপনি নাহিল৷ ডেনিছে কিন্তু নাক বজাই শুই আছে৷ টোপনি নাহিবনো কিয়?
চিন্তা
নাই, সমস্যাৰ কাষেই নাচাপে৷ আকালো নাই, ভঁৰালো নাই৷
ডেনিছক দেখিলে গণেশৰ খঙো উঠে, সহানুভূতিও জাগে৷ আলচিয়া হ’লেও সি সহজ সৰল৷ কোনোবা বিপদত পৰিলে সহায় কৰিবলৈ আগবাঢ়ি যোৱা মন এটা আছে৷
ডেনিছ ঘূৰি অহালৈ
অপেক্ষা কৰি কৰি গণেশৰ আমনি লাগিল৷ নিশা বেছি হৈ আহিছে৷ শোৱাৰ জেগাকণ ঠিক কৰিব
লাগে৷ দোকানৰ বস্তুবোৰ তালৈ নিব লাগে৷ অকলে কামবোৰ কৰিব নোৱাৰি৷ এটা ৰখীয়া হৈ
নাথাকিলে মুহূৰ্ততে বস্তুবোৰ চুৰি হৈ যায়৷ বিৰক্তিৰে ইফালে সিফালে চাই থাকোঁতেই
দেখিলে, ডেনিছ, পিছে পিছে ঘৈণীয়েকজনী খৰখোজে দোকানৰ ফালে আহি আছে৷
: কি হ’ল? – গনেশে আচৰিত হৈ সুধিলে৷
: এ তাত থাক্বা দিগদাৰ হ’ব বোলে৷ – ডেনিছৰ
উদ্বেগহীন উত্তৰ৷ গণেশ আচৰিত হৈ গ’ল– এই ৰাতিখন মানুহজনী ক’ত থাকিব, অকণো
চিন্তা নকৰাকৈ সি ঘূৰি আহিছে৷ কিমান অলৰ্গদ্ধ এইটো৷ সি অলপ চিন্তা কৰিলে, ইফালে
সিফালে চালে, তাৰ পাছত মহিলা তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা কৰা ঘৰটোৰ ফালে দৌৰ
মাৰিলে৷ কেইবাগৰাকী মহিলা আৰু যুৱতীয়ে তাত স্বেচ্ছাসেৱকৰ কাম কৰি আছে৷ যথেষ্ট
উদ্বিগ্নতাৰে আৰু অসহয়তাৰে হাত যোৰ কৰি সি তাৰ সমস্যাটোৰ কথা ক’লে৷ প্ৰথমতে কৈছিল–
বাৰেন্দাতে ঘূণ্টি মাৰ্বা লাগ্বো৷ পাছত আন কেইজনীমানৰ লগত আলোচনা কৰি ক’লে– ‘হ’ব
আহিবা দি।’ হ’ব বুলি ক’বলৈ পালেহে, গণেশ তাত নৰ’লেই৷ দৌৰি আহি দোকানখনৰ ওচৰ
পালেহি৷
: কিবা কুৰি চিট এখান ঠিক কুৰছুং৷ সোংকালে
বিছনাখান ললি ভাল৷ নোহালি পাছত বেলেগে ল’ব৷ চ..চ৷
গণেশৰ পিছে পিছে
ডেনিছৰ ঘৈণীয়েক তীৰ্থযাত্ৰীক থাকিবলৈ দিয়া ঘৰটোৰ ফালে খৰখোজে আগবাঢ়িল আৰু পোনে
পোনে অলপ আগতে লগ পোৱা স্বেচ্ছাসেৱকগৰাকীৰ কাষ পালেগৈ৷
: নামটা লিখেক৷ – ছোৱালীজনীয়ে ক’লে৷
অলপ আঁতৰত ছোৱালী
এজনীয়ে বহী এখনত নামবোৰ লিখি আছে৷ গণেশ টেবুলখনৰ কাষত থিয় হ’ল৷
: কি নাম? – নাম লিখি থকা ছোৱালীজনীয়ে সুধিলে৷ গণেশে ডেনিছৰ ঘৈণীয়েকৰ ফালে চালে৷
ছোৱালীজনীয়ে মুখত হাঁহি বিৰিঙাই ক’লে– ‘তোৰ তিৰীটাৰ নাম সুধা নাই৷ তোৰ হে নাম
সুধিছুং।’
: গণেশ, গণেশ ৰাভা৷– গণেশৰ
মাতটো কঁপি কঁপি ওলাল৷ ছোৱালীজনীয়ে আকৌ ক’লে– ‘নামটা সুধাতে যে তিৰীটাৰ মুখৰ ফালে
চাইছা, নিজৰ তিৰীটাৰ নামো নাজানা নেকি? ’ গণেশ ইমান
অপ্ৰস্তুত হ’ল যে চৌপাশ সি অন্ধকাৰ দেখিলে৷ মনৰ কঁপনিটো দেহলৈকে বিয়পি গ’ল৷ কাৰো
মুখলৈ সি চাব নোৱৰা হ’ল৷ ধোঁৱাময়তাৰ মাজেত সি দেখিলে ডেনিছৰ ঘৈণীয়েক ছোৱালীজনীৰ
কাষলৈ আহিছে৷
: ললিতা৷ –তাই লাহেকৈ ক’লে৷ ছোৱালীজনীয়ে
উপাধিটো নুসুধিলে৷ বহীখনত লিখি দিলে– ললিতা ৰাভা৷
: ঘৰ?
: ধুপধৰা৷
: বিছ টাকা দি৷ এই কাগজখান ল৷ ভিতৰত
গিলিয়ে বিছিনা দিব৷
ললিতাই গণেশৰ ফালে
চালে৷ ললিতাৰ মুখলৈ নোচোৱাকৈয়ে সি টকা বিছটা উলিয়াই দিলে৷ দেহৰ কঁপনিটো লৈয়েই সি
ঘৰটোৰ পৰা ওলাই আহিল৷ ওলাই আহোঁতে তাৰ এনেকুৱা লাগিল যেন বতাহত ওপঙি ওপঙিহে সি
বাহিৰৰ মাটিত ভৰি দিছেহি৷ বাহিৰত থিয় হৈহে সি অলপ স্বাভাৱিক হ’ল৷
: বস্তুগিলা লৈ যাং চ৷ নোহালি পাছত ঘুণ্টি
মাৰ্বা ঠাই নাপাবি৷ –দোকানৰ ওচৰত ৰৈ ডেনিছলৈ নোচোৱাকৈয়ে ক’লে৷ দুয়োটাই ধৰাধৰিকৈ
দোকানৰ সামগ্ৰীবোৰ দাঙি কেঁকো-জেঁকোকৈ ঘৰটোৰ বাৰান্দা পালেগৈ৷ কালি যি ঠাইত সিহঁত
দুটা শুইছিল, সেই ঠাইখিনি এতিয়া খালি নাই৷ বাৰান্দাখনত মানুহেই মানুহ৷ কোনোবা শুই
আছে, কোনোবা বহি আছে৷ অসহায় হৈ সি বাৰান্দাখনলৈকে চাই থাকিল৷ নিশাটো ক’ত
কটাব আজি? হঠাৎ তাৰ মনলৈ এটা ভাৱ আহিল– ইমানবোৰ মানুহ, কি বিচাৰি আহে
ইয়ালৈ? সি বাৰু ব্যৱসায় কৰিবলৈ আহিছে, বাৰান্দাত পৰি থকা
এই বয়সিয়াল মানুহবোৰ ইমান কষ্ট কৰি কি বিচাৰি আহিছে? ভগৱানক পাবলৈ?
পাপ
খণ্ডন কৰিবলৈ? নে মানুহ চাবলৈ? মানুহক চাবলৈকে শাৰীৰিক কষ্টকো নেওচি
দূৰ-দূৰণিৰ পৰা আহিবনে? পুতলা থিয়েটাৰ কৰি ঘূৰি ফুৰোঁতে মানুহ এজনে কোৱা কথা এষাৰ তাৰ আজিও
মনত আছে৷ ‘লক্ষিন্দৰ বেউলা’ পালাখন চোৱাৰ পাছত মানুহজনে সন্মুখত থিয় হৈ থকা
কেইজনমানক কৈ আছিল– ‘ইগিলা চব মায়া বুজি পাইছা? চব মায়া৷ ইখান
মায়াৰ সাগৰ’৷ মায়াৰ সাগৰখনলৈ গণেশে অসহায় হৈ চাই থাকিল৷ মনতে ভাবিলে, কাইলৈ
গুছি যাবগৈ৷ দিনটো ইমান কষ্ট কৰি ৰাতি শুবলৈতো পাব লাগে৷ দেহাটোক কষ্ট দি টকা ঘটিব
নোৱাৰি৷ ইমান লোভ কৰা বেয়া৷ লোভেই পাপ, পাপেই মৃত্যু৷
: এংকোৱে ৰাতিটা কাটাবা লাগ্বো৷– ডেনিছৰ
ফালে চাই গণেশে বিৰক্তিৰে ক’লে৷ ডেনিছে খুঁটাটোৰ ওচৰতে দোকানৰ সামগ্ৰী চিজিল কৰাত
লাগিল৷ গনেশে আচৰিত হৈ ডেনিছলৈ চাই থাকিল৷ কোনো প্ৰতিক্ৰিয়া নাই মানুহটোৰ৷ নাই
কোনো অভিযোগ, নাই কোনো আক্ষেপ৷ নিশাটো শুবলৈ নাপাব, তাতো তাৰ কোনো
অসন্তুষ্টি নাই৷ হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী৷
: মুই হোটেলৰ পাৰা খাবাৰ বাবে কিবা লৈ
আনোং ৰ৷ – কৈয়েই গণেশ আঁতৰি গ’ল৷ নিশা ন বাজি গ’ল, ভিৰ এতিয়াও আছেই৷
কিছুমান সোমাইছে, কিছুমান ওলাইছে৷ হোটেলকেইখনত ভিৰ৷ কিছুমান দোকানীয়ে দোকান সামৰিবলৈ
লৈছে৷ দূৰৈৰ পৰা ডাঙৰ ডাঙৰ দোকানবোৰৰ মানুহবোৰ দোকানতে শোৱে৷ দোকানৰ কাষতে
ৰান্ধি-বাঢ়ি খায়৷ সকলো ব্যৱস্থা কৰি আনে৷ গণেশৰ এইবাৰ প্ৰথম অভিজ্ঞতা৷ পদে পদে
অসুবিধা পাইছে৷
হোটেল এখনৰ পৰা
তিনি প্লেট ৰুটি-ভাজি লৈ সি যেতিয়া তীৰ্থযাত্ৰী থকা ঘৰটোৰ বাৰান্দাখন পালেগৈ,
অবাক
বিস্ময়ত দেখিলে ডেনিছে দোকানৰ সামগ্ৰবোৰ এটা চুকত সযতনে থৈ তাৰ কাপোৰখন বিছনা
চাদৰৰ দৰে ধুনীয়াকৈ পকাত পাৰি থৈছে৷
: ইখিনিতে যে এক ঘৰ মানু আছিল, আমাৰ
ফালৰে... কথা পাতি ভালে লাগ্ছিল৷ আমি থাকা ঠাই নাপোৱা গম পাই ইহাৰ ইয়াতে দুইজন
থাক্বা দিল৷ আমাৰে চিনাকি দোকান আছে, তাতে
খাই লৈ ঘূন্তি মাৰি থাকিম৷ মুই ভালে পালুং৷ তাহা যোৱাৰ পাছতে ঘূণ্টি মাৰছুং এ৷
ডেনিছলৈ মৰম লাগি
গ’ল গণেশৰ৷ সহজ-সৰল মানুহবোৰে এনেদৰে আনৰ পৰাও সহায় পায়৷ ৰুটি-ভাজিৰ পেকেট এটা
ডেনিছক দি ক’লে– ‘তাক দি আহিবি যা৷ ভিতৰত সুমাই নাযাবি৷ আপি মানু থাকা ঘৰ৷ কাক্বা
মাতিবি৷
ডেনিছ ঘূৰি অহাৰ
পাছত সিহঁত দুটায়ো ৰুটি খাই ল’লে৷ খোৱাৰ পাছত কাপোৰ এখন পাৰি ডেনিছ শুলেই৷ আগৰাতি
ডেনিছ শোৱে, পাছৰাতি সি শোৱে৷ বেৰখনত আউজি বাৰান্দাত থকা মানুহবোৰলৈ চাই আছে গণেশে৷
প্ৰায়বোৰ মানুহৰ বয়স পঞ্চাছ-ষাঠিৰ ওপৰত৷ দেখিলেই ধৰিব পাৰি কষ্ট কৰি কৰি জীৱন পাৰ
কৰা মানুহ এইবোৰ৷ তেওঁলোকে বিশ্বাস কৰে কোনো অদৃশ্য শক্তিয়ে তেওঁলোকৰ ভাষাত ভগৱানে
তেওঁলোকৰ জীৱন নিয়ন্ত্ৰণ কৰি থাকে৷ সেই শক্তিৰ কৃপা লাভ কৰিবলৈকে ৰুগীয়া দেহাৰেও
তেওঁলোক ইয়ালৈ দৌৰি আহিছে৷ কি পাইছে, কি নাইপোৱা, হয়তো এই
মানুহবোৰেও নাজানে৷ কিন্তু কিবা এটা মায়াত, কিবা এটা মোহত এই
মানুহবোৰ দৌৰি আহে৷ আহি যি কষ্ট পায়, সেই কষ্টাকো উপেক্ষা কৰে৷ মানুহবোৰলৈ চাই
চাই গণেশে কথাবোৰ ভাবি আছে৷ আৰু এটা কথাই তাক আমনি কৰি আছে৷ অথনি ডেনিছৰ ঘৈণীয়েকক
ছোৱালীজনীয়ে যে তাৰ ঘৈণীয়েক বুলি ভাবিছিল, সেই কথাটোৱে৷ কথাটো ভাবিলে কোনোবা সময়ত
তাৰ ভালো লাগে, কোনোবা সময়ত এক অপৰাধবোধে তাক মেৰিয়াই ধৰে৷ পাছনিশা ডেনিছক জগাই
বস্তুবোৰ পহৰা দি থাকিবলৈ কৈ সি শুই পৰিল৷ বহু সময়লৈকে তাৰ টোপনি নাহিল৷ শেষ ৰাতিলৈ
কেতিয়া টোপনি আহিল সি গম নাপালে, যেতিয়া সাৰ পালে, চাৰিওফালে বিশৃংখল
কোলাহল৷ সন্মুখত ললিতা, ডেনিছৰ ঘৈণীয়েক৷ সি আচৰিত হৈ ইফালে-সিফালে চালে৷
: ডেনিছ গা ধুবা গিছে৷– ললিতাই ক’লে৷
ললিতাৰ ওচৰত গণেশ অলপ অপ্ৰস্তুত হ’ল৷ ‘তাত থাক্বা ভাল৷ গা ধুবা ভাল সুবিধা আছে।’ –
ললিতাই সহজভাৱে ক’লে৷ গণেশে আঁৰ চকুৰে তাইলৈ চালে৷ সদ্যস্নাতা ললিতাই তাৰ মনটো
জোকাৰি থৈ গ’ল৷
: ‘ডেনিছ আহিলি হোটেলতে হৈ খাই আহিবি।’ –
কৈয়েই গণেশে জেপৰ পৰা গোটেই টকাখিনি উলিয়াই ললিতাৰ ফালে আগবঢ়াই দিলে৷ ললিতাই
আচৰিত হৈ চালে৷ ‘গা ধুবা যাম মুই, ইতিয়া তুইয়ে থুই দি।’
: গা ধুই আহাৰ পাছত একেলগে খাম৷ তোক এৰি
খাবাৰ মন নাই–টকাখিনি লৈ ললিতাই লাজ লাজ কৰি ক’লে৷ গণেশ অপ্ৰস্তুত হৈ পৰিল৷ তাৰ
এনেকুৱা লাগিল চাৰিওফালৰ মানুহবোৰে যেন সিহঁতৰ ফালেই উৎসুকতাৰে চাই আছে৷ গামোচাখন
লৈ সি আঁতৰি গুচি গ’ল৷ গা ধুই যেতিয়া ঘূৰি আহিল, সি দেখিলে ডেনিছে
দোকান দিয়া ঠাইখনলৈ বস্তুবোৰ কঢ়িয়াই আছে৷
: ইমান কষ্ট কুৰি দোকান দিবা মন যোৱা নাই৷
মোৰ লগতে তুমাৰো কষ্ট হৈছে৷ – ললিতাৰ কাষত ৰৈ সি ক’লে৷
: কষ্ট নুকুৰলি কায়ও একো নাপায়৷ আমাৰ এটাক
দেখা পাইছা না, খালি দাদাৰ গালিয়ে খাই থাকে৷– ললিতাৰ মাতটো দৃঢ়৷ গণেশে কিবা এটা
ক’বলৈও সাহস নকৰিলে, তাইৰ মুখলৈ চাবলৈও সাহস নকৰিলে৷ কিন্তু কিবা এটা ভাল লাগিল তাৰ৷
দোকান আৰম্ভ কৰাৰ
আগতেই তিনিওটাই খাই ল’লে৷ দোকান খোলাৰ লগে লগেই গ্ৰাহকৰ ভিৰ আৰম্ভ হ’ল৷ সকলোৰে
একেটাই কথা– চাহকাপ বৰ ভাল৷ খাবলৈ বিস্কুটৰ উপৰি নিজে তৈয়াৰ কৰা কিবা ৰাখিব লাগে৷
ললিতাই হাঁহে৷ কয়– আহাবাৰ৷
: আহাবাৰ বা জীয়াই থাকং না নাথাকং?
: থাক্বি থাক্বি৷ নাথাকিলি কেংকা হ’ব?
আহাবাৰ
ৰুটি-ভাজি খুৱাম৷ চবে আহিবা লাগ্বো৷ নাহিলি কেংকা হ’ব? – ললিতাই হাঁহি হাঁহি কয়৷ মানুহবোৰে ভাল পায়৷ সন্তুষ্ট হয়৷ গণেশে
মন্ত্ৰমুগ্ধ হৈ ললিতালৈ চাই থাকে৷ ঘৰখনত দেখা ললিতা আৰু এতিয়া তাৰ সন্মুখৰ
ললিতাজনী সম্পূৰ্ণ বেলেগ৷ ঘৰত দেখা ললিতাজনীয়ে হাঁহিব নাজানিছিল৷ নে নোৱাৰিছিল?
গণেশৰ
এনেকুৱা লাগিছিল, শুকান কাঠ এডালৰ দৰে নিৰস এই মানুহজনী৷ এসোপা যন্ত্ৰণা, এসোপা
হাহাকাৰ, এসোপা আক্ষেপ লৈ মানুহজনী জীয়াই আছে৷ এনেকুৱা লাগিছিল এসোপা খং,
এসোপা
অভিমান লৈ মানুহজনী জীয়াই আছে৷ সেই মানুহজনীয়েই এতিয়া যেন মনৰ হেঁপাহত ডেউকা মেলি
উৰিছে৷ বুকুৰ ভিতৰৰ অন্তৰতম প্ৰদেশৰ পৰা ওলাই আহিছে এটা নিৰ্মল হাঁহি৷ গণেশে বুজি
পালে প্ৰতিগৰাকী নাৰীয়েই অকণমান সন্মান বিচাৰে৷ এটা নিজা পৰিচয় বিচাৰে৷ অকণমান
স্বাধীনতা বিচাৰে৷ অপমানিত হৈ জীয়াই থকাটোক তেওঁলোকে অভিশাপ বুলি ভাবে৷ ডেনিছলৈ
তাৰ খং উঠিল৷ এইখিনি দিব নোৱাৰই যদি বিয়া পাতিছিলি কিয়? গণেশ দোকানখনৰ পৰা
আঁতৰি আহিল৷ আঁতৰৰ পৰাই সি চাই আছে– ললিতাই হাঁহি হাঁহি গ্ৰাহকক চাহ-বিস্কুট দিছে,
পইচা
লৈছে, পইচা ঘূৰাই দিছে৷ তৃপ্ত হৈ গ্ৰাহকজন আঁতৰি গৈছে৷ তাৰ মাকলৈ মনত পৰিল৷
তাৰ মাকো এনেকুৱাই আছিল৷ সম্পূৰ্ণৰূপে কামটোৰ মাজত সোমাই গৈছিল৷ নিজে কষ্ট কৰি আনক
সুখত ৰাখিব পাৰিছিল৷ গণেশৰ ভাল লাগিল৷ আজিলৈকে সি কাকো একো দিব নোৱাৰিলেও ললিতাক
ডেউকা মেলি উৰিবলৈ সুবিধা দিছে৷ অলপ সময়ৰ বাবে হ’লেও চেপি ধৰি থকা খং, অভিমান,
হাহাকাৰ,
আক্ষেপসোপা
আঁতৰাই পঠিয়াবলৈ সুবিধা দিছে৷ কাৰোবাৰ সুখৰ কাৰণে কিবা এটা যে কৰিব পাৰিছে,
সেইটো
ভাবিয়েই গণেশৰ ভাল লাগিল৷
দহটা দিন কেনেকৈ
পাৰ হ’ল গণেশে গমেই নাপালে৷ এই দহটা দিন সপোনতে উটি-ভাহি থকা যেন লাগিল তাৰ৷ এই দহ
দিনত বিক্ৰীৰ বাবদ পোৱা টকাখিনি ললিতাকে ল’বলৈ দিছে সি– ‘তোৰ হাততে থাকক দে৷ মোৰ
হাতত থাক্লি হাৰায়ও যাবা পাৰে।’ গণেশে দেখিছিল সি তেনেকৈ কোৱাৰ পাছতে এক আচৰিত
গৰিমাৰে লালিতাৰ মুখখন জিলিকি উঠিছে৷ হেৰোৱা আত্মবিশ্বাস ঘূৰাই পাই তাই পুনৰ যেন
জী উঠিছে৷ এই দহটা দিনৰ ভিতৰতে ললিতা তাৰ ওচৰত বহুখিনি সহজ হৈ পৰিল৷ দুয়োটাৰ মাজত
বিশ্বাসৰ এডাল নেদেখা সাঁকো গঢ় লৈ উঠিল৷
মেলা শেষ হোৱাৰ
দিনা দোকানৰ সামগ্ৰীবোৰ সামৰি থকাৰ সময়ত গণেশৰ মন দুখেৰে ভৰি পৰিল৷ এটা সপোন যেন
হঠাতে ভাগি গ’ল৷ বস্তুবোৰ সামৰি থাকোঁতে ললিতাই তাক ক’লে– ‘দুধকুমাৰ পূজাটাও
ডাঙাৰে হয়৷ বিছি দিন নাই আৰো৷ তাতো হোটেল দিবা পাৰং।’ ঘপহকৈ সপোনটোৱে যেন আকৌ সাৰ
পাই উঠিল৷ তাৰ মনত পৰিল সৰুতে মাকে তাক দূধকোঁৱৰ দেৱালয়খনৰ কথা কৈছিল৷ মাকে
দূধকোঁৱৰ দেৱালয় থকা পাহাৰটোৰ কথা কৈছিল৷ হাজোৰ বাদশ্বাহৰ কন্যা শ্বাহজাদীৰ কথা
কৈছিল৷ বাদশ্বাহৰ ৰাজসভাৰ ব্ৰাহ্মণ কুমাৰজনৰ কথা কৈছিল৷ বহু বছৰৰ আগতে গছ-গছনিৰে ভৰা জনশূন্য সেই পাহাৰটোতে এজন
মুছলমান পীৰে আশ্ৰম পাতি আছিল৷ সেই সময়ত হাজো অঞ্চলত ৰাজত্ব কৰিছিল এজন বাদশ্বাহে৷
বাদশ্বাহৰ এগৰাকী ধুনীয়া কন্যা আছিল৷ নাম শ্বাহজাদী৷ পূৰ্ণযৌৱনা শ্বাহজাদীয়ে ভাল
পাইছিল এজন ব্ৰাহ্মণ কুমাৰ৷ সেই ব্ৰাহ্মণ কুমাৰজন আছিল বাদশ্বাহৰ ৰাজসভাৰ দেৱান৷
ব্ৰাহ্মণ কুমাৰৰ ৰূপ-সৌন্দৰ্য দেখি বাদশ্বাহৰ কন্যা শ্বাহজাদীয়ে পাহৰি গ’ল যে
দুয়োজনৰে ধৰ্ম বেলেগ৷ ব্ৰাহ্মণ কুমাৰেও শ্বাহজাদীৰ প্ৰতি তীব্ৰভাৱে আকৃষ্ট হৈ সঘনে
মিলিত হ’বলৈ ধৰিলে৷ গভীৰ ভালপোৱাই দুয়োজন দুয়োজনৰ কাষ চাপি গ’ল, যাৰ
ফলত এদিন শ্বাহজাদী অন্তঃসত্বা হয়৷ দুয়োৰে ধৰ্ম বেলেগ, তাতে অবৈধ প্ৰেম,
কলংক
ঢাকিবলৈ দুয়োজনে ৰাজ্য এৰি পলাই গ’ল৷ পলাই আহি দুয়োজনে সেই পাহাৰৰ পীৰ বাবাৰ
আশ্ৰমত আশ্ৰয় ল’লে৷ ইপিনে বাদশ্বাহেও নিজৰ কন্যাক বিচাৰি চাৰিওফালে চলাথ কৰিলে৷
অৱশেষত পীৰ বাবাৰ আশ্ৰমতে শ্বাহজাদী আৰু দেৱান ব্ৰাহ্মণ কুমাৰক ধৰা পেলায়৷
বাদশ্বাহ যেনেকৈ
ধৰ্মপৰায়ণ আছিল তেনেকৈ মানৱদৰদীও আছিল৷ প্ৰেমৰ মূল্য তেওঁ বুজি পালে৷ জীয়েকক
পলুৱাই অনাৰ বাবে দেৱানক তেওঁ কোনো শাস্তি নিবিহিলে৷ বিপৰীতে পাহাৰৰ নামনিত থকা
বিলখনত এবাৰ এবাৰকৈ সাতবাৰ জুবুৰিয়াই পীৰ বাবাৰ আশ্ৰমতে দেৱানৰ হাতত এৰি থৈ যায়৷
বাদশ্বাহে শ্বাহজাদীক যিখন বিলত সাতবাৰ জুবুৰিয়াই দেৱানৰ হাতত গতাই থৈ গুচি গৈছিল
সেই বিলখনৰ নাম হ’লগৈ জাক্ৰা বিল৷ সেই জাক্ৰা বিলৰ পাৰৰ পীৰ বাবাৰ আশ্ৰমতে
শ্বাহজাদীয়ে চ’ত মাহৰ সংক্ৰান্তিৰ দিনা এহাল যমজ সন্তানৰ জন্ম দিয়ে৷ সন্তান জন্ম
দিয়েই ব্ৰাহ্মণ কুমাৰ আৰু শ্বাহজাদীয়ে দেহ ত্যাগ কৰিলে৷
পীৰ বাবাই চকুৰে
ধোঁৱা-কোঁৱা দেখিলে৷ কেঁচুৱা দুটাক তেওঁ ডাঙৰ কৰে কেনেকৈ? তেওঁ তেওঁৰ প্ৰভুক
আৰাধনা কৰিলে৷ তাৰ পাছতেই এটা আশ্চৰ্যজনক ঘটনা ঘটিল৷ নগৰবেৰাৰ বুঢ়া গোঁহাই পাহাৰত
এজনী কামধেনু গাই আছিল৷ নগৰবেৰাৰ পৰা আমবাৰীৰ এই পাহাৰলৈ কোনো বাট-পথ নাছিল৷ অটব্য
অৰণ্য, জলাশয় পাৰ হৈ আহিব লাগে৷ আচৰিত কথা, এই কামধেনু গাইজনী
অটব্য অৰণ্য, জলাশয় অতিক্ৰমি প্ৰতিদিনেই এই পাহাৰটোলৈ আহে৷ তাৰপৰাই সেই সন্তান
দুটিৰ নাম হ’ল দূধকোঁৱৰ আৰু ফুলকোঁৱৰ৷ দূধকোঁৱৰৰ নামেৰেই এই দেৱালয়খনৰ নাম হয়
দূধকোঁৱৰ দেৱালয়৷ কিংবদন্তি মতে যিহেতু দূধকোঁৱৰ আৰু ফুলকোঁৱৰ চ’ত সংক্ৰান্তিৰ
দিনা জন্ম হৈছিল, সেই কাৰণেই চ’তৰ সংক্ৰান্তিৰ পৰা বহাগৰ ছয় তাৰিখলৈকে ইয়াত এখন বহে বহু
দূৰ অতীতৰ পৰা৷
সেই মেলাখনৰ কথাই
এতিয়া ললিতাই তাক কৈছে৷ তাই বাৰু সেই ব্ৰাহ্মণ ডেকাজনৰ কথা জানেনে? আৰু
শ্বাহজাদীৰ কথা?
দোকানৰ সামগ্ৰীবোৰ লৈ তিনিওটা ধুপধৰাত
গাড়ীৰ পৰা নমাৰ পাছত গনেশে ক’লে– ‘তুমা দুটা ঘৰত যা৷ মুই বস্তুখিনি থৈ পাছত যাম৷’
এইকেইদিন চাহ-বিস্কুট বিক্ৰী কৰি পোৱা টকাখিনি ললিতাৰ হাততে আছিল৷ তাই টকাৰ
টোপোলাটো গণেশৰ ফালে আগবঢ়াই দিলে৷ গণেশে টোপোলাটোৰ পৰা পাছদিনা দোকান চলাবলৈ
মাত্ৰ কেইটামান টকা ৰাখি বাকী গোটেইখিনি ললিতাক ঘূৰাই দিলে৷ অবাক বিস্ময়ত তাই গণেশৰ
মুখলৈ চালে৷ এনেদৰে প্ৰথমবাৰ তাই গনেশৰ মুখলৈ চাইছে৷
: আপিটালে ভাল চাই চোলা কিনি লৈ যা৷ তুমা
দুজনে ভাল লাগা কাপোৰ ল৷ মোৰ ভাল লাগ্বো৷– গণেশে আৱেগত কোৱাদি ক’লে৷ ললিতাই
একেথৰে গণেশৰ মুখলৈকে চাই আছে৷ সেই সময়তে গাড়ী এখন অহাত বস্তবোৰ ৰাস্তাৰ কাষলৈ
নিবৰ বাবে ডেনিছ আঁতৰি গ’ল৷ গণেশে ললিতাৰ মুখলৈ চাই ক’লে– ‘অলপ পুইচা তোৰ হাতত
থ’বি৷ পুইচা-টাকা থাক্লি কাকো খুজিবা যাবা নাল্গে৷’ ইমান পাৰ ভগা আৱেগ! ইমান মন
ভৰি উঠা মমতা! বোধহয় ললিতাৰ চকুপানী ওলাব খুজিলে৷ তাই মুখখন ঘূৰাই দিলে৷ গণেশে
সিহঁতক একো কোৱাৰ সুবিধা নিদি ঠেলা এখনত বস্তুখিনি লৈ আঁতৰি গ’ল৷
বস্তুখিনি
সামৰি-সুতৰি সি যেতিয়া গাঁও পালেহি, তেতিয়া বেলিটোৰ বিদায় পৰৰ পয়োভৰ৷ বাঁহ
গছৰ আঁৰেৰে ৰান্ধনি বেলিৰ নামি অহা হেঙুলীয়া পোহৰ৷ ধীৰ গতিৰ বতাহ এজাকে গছৰ পাতবোৰ
কঁপাই থৈ গ’ল৷ কি কাৰণে নাজানে, আজি তাৰ মনটো ভাল লাগি আছে৷ মাকৰ মুখখন
বাৰে বাৰে মনলৈ আহিছে৷ আঙুলি বুলাই তাক মৰম কৰিছে৷ ক’ব নোৱাৰাকৈ সি আহি বেংডোবাৰ
পাৰ পালেহি৷ বেংডোবাৰ ঘাটলৈ গো-ধূলি নামিছে৷ বেংডোবাৰ পানীত ডঁৰিকণাবোৰে ধেমালি
কৰিছে৷ আনন্দতে নাচিছে৷ ইটোৱে সিটোক মৰম কৰিছে৷ ইটোৱে সিটোক মনৰ কথাবোৰ কৈছে৷
কিমান যে কথা! শেষেই নহয়৷ তাৰো আজি সিহঁতৰ লগত কথা পাতিবৰ মন গ’ল৷ ধেমালি কৰিবৰ মন
গ’ল৷ তাৰ চকুৰ আগত এতিয়া সপোনৰ মায়াময় পাৰাপাৰ৷
