পংকজ প্রতীম বৰদলৈ
অসমত নৱবৈষ্ণৱ ধৰ্মৰ
প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰিৱৰ্তনৰ সময়ত অসমত এক পাণ্ডুলিপি ঐতিহ্যৰ প্রচাৰ
আৰু প্রসাৰ হয়৷ ধৰ্ম প্ৰচাৰৰ বাবে গুৰুজনাই ভাগৱত, পুৰাণ আদিক ব্ৰজাৱলী ভাষাত সৰলকৈ
সাধাৰণ ৰাইজে বুজাৰ বাবে লিখিছিল আৰু বৰগীত, অংকীয়া নাট আদিৰ জৰিয়তে কলা আৰু সাংস্কৃতিক
দিশেৰে অসমীয়া সমাজখনক এক নতুন পৰিচয় দিয়াৰ চেষ্টা কৰিছিল৷ গুৰুজনাৰ এই পদক্ষেপে
তেওঁৰ সমসাময়িক আৰু পৰৱৰ্তী সময়তো পাণ্ডুলিপি লিখাৰ পৰিৱেশ এটা গঢ়ি উঠিছিল৷ কালক্ৰমত
এই পাণ্ডুলিপিসমূহ অসমৰ লোকসংস্কৃতিৰ অভিন্ন অংগ হৈ পৰে৷ গাঁৱৰ নামঘৰ, সত্ৰসমূহ আৰু
ব্যক্তিগত সংগ্ৰহত এই আপুৰুগীয়া সাঁচিপুথিসমূহে স্থান লাভ কৰে৷ এই পুথিসমূহ কেৱল ধাৰ্মিক
গ্ৰন্থ হৈ নাথাকি, সমাজ আৰু লোকজীৱনৰ পৰিচয়জ্ঞাপক দৃঢ় আৰু স্থায়ী সূচক হৈ পৰিল৷ পৰৱৰ্তী
আৰু আধুনিক সময়ত অসমীয়া ভাষা আৰু ইয়াৰ ধ্ৰুপদী স্বীকৃতিত বিশেষ ভূমিকা পালন কৰিছিল৷
শ্ৰীমন্ত শংকৰদেৱ,
তেওঁৰ পূৰ্বসূৰীসকল আৰু পৰৱৰ্তী সময়তো সৃষ্টি হোৱা এই সাঁচিপতীয়া পুথিৰ পৰম্পৰাই
ধাৰা আৰু পৰম্পৰাৰ চিনাকি দাঙি ধৰাৰ লগতে অসমৰ লোকজীৱনৰ বহুতো দিশকো উন্মোচিত কৰিলে৷
একে সময়তে এই পুথিসমূহে নামঘৰ, সত্ৰ আদিত সযতনে ৰখাৰ যি এক পৰম্পৰা গঢ়ি উঠিল, সি অসমীয়া
ভাষিক ঐতিহ্যৰ লগতে ‘কমিউনিটি আৰ্কাইভ’ৰ যি আধুনিক সংজ্ঞা তাৰ সূত্ৰপাত কৰিলে৷ আধুনিক
সময়ত আৰ্কাইভৰ গুৰুত্ব অপৰিসীম৷ ইতিহাসৰ সঠিক তথ্য আৰু দস্তাবেজসমূহ সংৰক্ষণ, প্ৰচাৰ-প্ৰসাৰ
কৰাৰ লগতে বিজ্ঞানসন্মত অধ্যয়নৰ বাবে আৰ্কাইভৰ যথেষ্ট গুৰুত্ব আছে৷ আৰ্কাইভক লৈ চলি
থকা আলোচনা-বিলোচনাৰ মাজতে বৰ্তমান সময়ত চৰ্চিত এটা বিষয় হৈছে ‘কমিউনিটি আৰ্কাইভ’৷
অসমীয়াত পোনপটীয়াকৈ ইয়াৰ অনুবাদ কি হ’ব কোৱা টান হ’ব যদিও ‘জন অভিলেখাগাৰ’ শব্দটো
হয়তো ওচৰ চাপিব৷ কমিউনিটি আৰ্কাইভৰ সহজ সংজ্ঞাটো হ’ল যে আধুনিক আৰু সংহত আৰ্কাইভ,
কোনো ডাঙৰ অনুষ্ঠান, চৰকাৰ আদিৰ নিয়ন্ত্ৰণত থকা কমিউনিটি আৰ্কাইভ ইয়াৰ বিপৰীত৷ ই
সম্পূৰ্ণ সেই সম্প্ৰদায়ৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যাৰ ওচৰত সেই ঐতিহ্য বা আপুৰুগীয়া
সমলৰ অধিকাৰ থাকে৷ যেনে—আমাৰ সাঁচিপতীয়া পুথিসমূহ বছৰ বছৰ ধৰি সংৰক্ষণ কৰি অহাৰ আঁৰত
নামঘৰ, সত্ৰ বা ব্যক্তিগত সংগ্ৰহসমূহ৷ এই নামঘৰ, সত্ৰ আদি সম্প্ৰদায় বা গাঁৱৰ লোকসকলৰ
দ্বাৰা পৰিচালিত অনুষ্ঠান৷ য’ত গাঁৱৰ লোকসকলৰ নিজৰ নিজৰ ঐতিহ্যৰ ওপৰত প্রত্যক্ষ নিয়ন্ত্ৰণ
থাকে৷ উদাহৰণস্বৰূপে, এখন সাঁচিপতীয়া পুথি গাঁৱৰ নামঘৰত সংৰক্ষিত হৈ থাকিলে গাঁৱৰ
ৰাইজে কেতিয়াবা পাঠ কৰা, চৰ্চা কৰা আদি পুথিভাগৰ লগত জড়িত বিভিন্ন পৰম্পৰাগত কাৰ্যসূচীসমূহ
পালন কৰিব পাৰে৷ একে সময়তে সেই পুথিভাগ কোনো বিশ্ববিদ্যালয়ৰ আৰ্কাইভত থাকিলে তাৰ উপযুক্ত
সংৰক্ষণ হ’ব৷ কিন্তু একে সময়তে সম্প্ৰদায়ৰ লগত জড়িত পৰম্পৰা বা সম্প্ৰদায়ৰ যি অধিকাৰস্বত্ত্ব
সি কিছু পৰিমাণে কম হ’ব৷ বহুসময়ত সেয়েহে তেনে সম্প্ৰদায়ৰ লগতেই এনে সমলৰ সংৰক্ষণৰ
দিশত গুৰুত্ব আৰোপ কৰা হৈছে৷
অসমৰ প্ৰেক্ষাপটত
ইতিমধ্যেই গুৰুজনাৰ আদৰ্শৰে অসমৰ নামঘৰ, সত্ৰ তথা ব্যক্তিগত সংগ্ৰহৰ পুথি-পাঁজিৰ বাদেও
আন বহুতো আপুৰুগীয়া সমল সংৰক্ষিত হৈ আছে৷ বিজ্ঞানসন্মতভাৱে বহুসময়ত সংৰক্ষণ হৈ থকা
নাই যদিও পৰম্পৰাগত পদ্ধতিৰেই এই প্রক্ৰিয়া ৫০০ বছৰো অধিক সময় চলি আহিছে৷ কিন্তু
নামঘৰ, লৰ লগত জড়িত লোকসকলৰ বাবে এনে সম্পদৰ সঠিক চোৱা- চিতাৰ বাবে প্রশিক্ষণ আদিৰ
ব্যৱস্থা কৰাটো প্রয়োজনীয় হৈ পৰিছে৷ বৰ্তমান সময়ত ঐতিহ্য সংৰক্ষণ আৰু আত্মপৰিচয়ৰ
দিশটোৰ বাবে ইতিহাস চৰ্চা এক গুৰুত্বপূৰ্ণ বিষয়৷ তেনেস্থলত এনে সম্পদৰ প্রচাৰ আৰু
প্রসাৰ তথা উপযুক্ত চৰ্চা অতি প্রয়োজনীয় ৷
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ চিনাকি লাভ কৰাত এই সাঁচিপতীয়া পুথিয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ সেই বিষয়ে মই ইতিমধ্যে উনুকিয়াইছোঁ৷ আমাৰ আপুৰুগীয়া সাঁচিপতীয়া পুথিৰ লগত মই ব্যক্তিগতভাৱে জড়িত এটা প্ৰকল্পৰ বিষয়ে থোৰতে কোৱাৰ লোভ সামৰিব নোৱাৰিলোঁ৷ ওপৰত উল্লেখ কৰি অহাৰ দৰে এনে সাংস্কৃতিক সমলৰ যি অৰ্থ ইয়াৰ থকা স্থানৰ লগত সংপৃক্ত হৈ থাকে৷ আৰ্কাইভ আৰু সংগ্ৰহালয় বিজ্ঞানৰ ভাষাত ইয়াক ‘object’s meaving naoking’ বুলিও ক’ব পৰা যায়৷ উদাহৰণস্বৰূপে সাঁচিপাতৰ পুথি এখন সত্ৰ বা নামঘৰত থকালৈকে ই কেৱল এক ধৰ্মগ্ৰন্থ হৈ থাকিব পাৰে৷ যথেষ্ট নীতি-নিয়মৰ মাজেৰে এই গ্ৰন্থখনক লৈ থকা পাঠ বা চৰ্চা হ’ব পাৰে৷ য’ত সেই সম্প্ৰদায় বা গাঁৱৰ লোকসকলে প্ৰত্যক্ষভাৱে নিজক সংযোজিত কৰিব পাৰে৷ একে সময়তে সেই পুথিভাগ এটা আৰ্কাইভ বা সংগ্ৰহালয়লৈ লৈ আহিলে ইয়াৰ অৰ্থ ভিন্ন হ’ব৷ তেতিয়া সেই পুথিভাগ এখন আপুৰুগীয়া ধৰ্মপুথি হৈ থকাৰ লগতে গৱেষণাৰ বিষয়বস্তু হ’ব৷ গৱেষক বা ছাত্ৰ-ছাত্ৰীসকলে সেই গ্ৰন্থৰ অন্তৰালৰ ভিন্ন ভিন্ন দিশসমূহ পৰ্যালোচনা কৰিব আৰু নতুন তথ্যৰে ইয়াৰ সমগ্ৰ দিশটোক সমৃদ্ধ কৰিব৷ গতিকে এই পুথিভাগৰ অৰ্থ পৰিৱৰ্তন হ’ব৷ তেনে এক প্ৰক্ৰিয়াই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত, ভাৰতৰ সৰ্বমুঠ ১১ টা ধ্ৰুপদী ভাষাক আন্তঃৰাষ্ট্রীয় দৰ্শক, গৱেষক তথা সাধাৰণ অতিথিক দৰ্শনৰ সুবিধা দিয়া আৰু এই বিষয়ে অৱগত কৰাৰ বাবে এক প্রয়াস ৰাষ্টপতি ভৱনত কৰা হয়৷ ইয়াৰ জৰিয়তে দেশবাসী আৰু বিশ্ববাসীৰ মনত ভাৰতৰ পাণ্ডুলিপিৰ গৌৰৱময় ইতিহাসক তুলি ধৰাৰ প্রয়াস কৰা হৈছিল৷ এই প্ৰক্ৰিয়াৰ অংশস্বৰূপে আমাৰ অসমৰ পৰাও এনে আপুৰুগীয়া সাঁচিপাতৰ পুথি সংগ্ৰহৰ দায়িত্ব এই অভাজনৰ ওপৰত ন্যস্ত কৰা হয়৷ গতিকে সেই দায়িত্ব পালনৰ বাবে অসমৰ বিভিন্ন সত্ৰানুষ্ঠান আৰু ব্যক্তিগত সংগ্ৰহত থকা সাঁচিপতীয়া পুথিৰ খবৰ কৰা হয়৷ লগতে চৰকাৰীভাৱেও অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হয়৷ নিৰন্তৰভাৱে এই প্রকল্পক সাকাৰ ৰূপ দিবলৈ অহৰহ প্রয়াস কৰা হয়৷ বিভিন্ন ব্যক্তিগত সংগ্ৰহৰপৰা আৰু অসমৰ সত্ৰানুষ্ঠানসমূহৰপৰা সংগ্ৰহ কৰি অসমৰ শংকৰদেৱ কলাক্ষেত্ৰই মাত্র ৫খন গ্ৰন্থ প্ৰদান কৰে৷ এইক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শংকৰদেৱ কলাক্ষেত্ৰই বিশেষ উদ্যোগ গ্রহণ কৰে৷ এই পুথিভঁৰালত অসমৰ উপৰি আন ১০টা ধ্ৰুপদী ভাষাৰো পাণ্ডুলিপিৰ লগতে সেই ভাষাৰ কিতাপ ৰখা হৈছে৷ যোৱা জানুৱাৰি মাহৰ ২৩ তাৰিখে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে এই ‘গ্রন্থ কুটীৰ’ৰ শুভাৰম্ভ কৰে৷ অসমৰ পাণ্ডুলিপিৰ লগতে সাঁচিপাত নিৰ্মাণ পদ্ধতি আৰু সমলসমূহৰ প্ৰদৰ্শন কৰা হৈছে৷ বৰ্তমান সময়ত এনে সংৰক্ষণৰ যোগেদি ভাৰতৰ মহান ঐতিহ্যক সমগ্র বিশ্বৰ আগত তুলি ধৰাৰ প্রয়াস কৰা হৈছে৷ দেশৰ যথেষ্টসংখ্যক দৰ্শকৰ লগতে বিদেশৰ দৰ্শকৰ বাবেও এই ‘গ্ৰন্থ কুটীৰ’ মুকলি কৰা হৈছে৷
সম্প্ৰদায়ৰপৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ‘কমিউনিটি আৰ্কাইভে’ বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব লাভ কৰিছে৷
