অন্যযুগ/


পটহ’ল দাদা

 চন্দ্রাৱলী বৰঠাকুৰ

 

সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃত ছৱি নহ’লেও ই সাধাৰণভাৱে যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ কথা সূচায়৷ অৱশ্যে ভালকৈ চালে দেখা পোৱা যায় যে এনে নিমার্ণতো বহুত আসোঁৱাহ আছে৷ উদাহৰণস্বৰূপে নগৰৰত থকা অসুৰক্ষিত উন্মুক্ত ফুটপথৰ কথা ক’ব পাৰি৷ হয়তো নলাসমূহ সময়ে সময়ে পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে এনেকৈ ৰখা হয় কিন্তু বহু ক্ষেত্রত ইয়াত পৰি অনেকজন আহত হোৱাৰ লগতে মৃত্যু পর্যন্তও হোৱাৰ খবৰ পোৱা যায়৷ প্রকৃতপক্ষে চৰকাৰী প্রশাসনৰ এই ক্ষেত্রত দৃষ্টি দিয়াটো প্রয়োজনীয় কথা৷ কিন্তু বাস্তৱ ক্ষেত্রত তাক ভালকৈ প্রয়োগ কৰা দেখা নাযায়৷   

এনে এক অৱস্থা হৈছিল মুম্বাই ২০১৫৷ শান্তি সুখেৰে বাস কৰিছিল দাদাৰাও বিলহোৰৰ সৰু পৰিয়ালটো৷ ফলমূল, পাচলি বিক্রী কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোলৈ হঠাৎ বাৰিষাৰ এটি ঘটনাই কাল অমাৱস্যা কঢ়িয়াই আনে৷ ঘটনাটি হৈছিল ২৫ জুলাই’ ২০১৫ চনত৷ দাদাৰাও বিলহোৰৰ ১৬ বছৰীয়া পুত্র প্রকাশে প্রৱেশিকা পৰীক্ষত উত্তীর্ণ হৈ পলিটেক্‌নিক ইন্‌ষ্টিটিউটত নামভৰ্তিৰ বাবে গৈছিল৷ যোগেশ্বৰী ভিক্টৰী  অন্ধেৰীৰ গেটত এটা গাঁতত পৰি থিতাতে মৃত্যুৰ সন্মুখীন হ’ব লগা হয় প্ৰকাশৰ৷ সেই ঠাইৰ ডাঙৰ ডাঙৰ গাঁত তথা ৰাস্তাৰ দুৰৱস্থাৰ  বাবে এনে শোকাবহ দুঘর্টনা সংঘটিত হয়৷ উজ্জ্বল ভৱিষ্যত বনোৱাৰ প্রাক্ মুহূর্ততে আনৰ ভুলৰ বাবেই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে প্রকাশে৷   

মানৱ জীৱন পৰিবৰ্তনশীল৷  মৃত্যু চিৰন্তন সত্য কিন্তু ইও কেতিয়াবা সমাজলৈ এক অভাৱনীয় পৰিৱৰ্তন আনে৷ দাদাৰাও বিলহোৰৰ ঘৰত সকলো মৌন... স্তব্ধ! অবিশ্বাস্য হলেও সত্য যে মৃত্যুৰ কাৰণ মাথোঁ এটা সাধাৰণ গাঁত তথা বেয়া ৰাস্তা৷ সেই মাহতে ভাৰতৰ আন তিনিওজন ব্যক্তিয়েও এনে পথৰ দুৰ্গতিৰ বাবে মৃত্যুৰ সন্মুখীন হ’ব লগা হয়৷ এই ঘটনাৰ পাছতেই প্ৰশাসনৰ তত্ত্বাৱধানত চহৰৰ গাঁতসমূহ পুতি পেলোৱা হয়৷ এই কায্যই পিতৃৰ মনত পুত্ৰ শোক  কমাব নোৱাৰিলে কাৰণ প্রশাসনৰ এই পদক্ষেপ কিছু দিন পূর্বে হোৱা হেতেঁন, তেওঁৰ পুত্রক হেৰুৱাবলগা অৱস্থা নহ’লহেতেঁন !

সেয়েহে পুত্রক অমৰ কৰি তুলিবলৈ তেওঁ নতুন পদক্ষেপ ল’লে৷ নগৰ-গাঁওৰ আলি পথত দেখা পোৱা  গাঁতসমূহ নিজ প্ৰচেষ্টাৰে ইটা বালি বস্তাৰে ভৰাই পুতি পেলাব লৈ ধৰিলে৷ এই কাম কৰিবলৈ যাওঁতে বহুতে দাদাৰাওক নিন্দা কৰিছিল, বহু লোকে পাগল বুলি হাঁহিছিল৷ কিন্তু দাদাৰাওৰ বাবে এইয়া আছিল তেওঁৰ জীৱন সৰ্ব মহৎ কৰ্ম৷ তেওঁ বিচাৰিছিল তেওঁৰ দৰে আন কোনো পিতৃ মাতৃয়ে  যাতে তেওঁ পোৱা দুখ পাব লগা নহয়৷ প্ৰতিটো গাঁতপূৰণেই তেওঁৰ অন্তৰত জ্বলি থকা জুইকুৰাত শীতলতা প্রদান কৰিছিল৷   প্রতিটো গাঁত পূৰণেই তেওঁৰ বাবে আছিল পুত্রৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলিস্বৰূপ৷ কোনো কাৰণতে পিছলৈ ঘূৰি নোচোৱাকৈ পথ দুঘর্টনা প্ৰতিৰোধেই হৈ পৰিছিল দাদাৰাওৰ জীৱনৰ লক্ষ্য৷  

২০১৫ পৰা বৰ্তমানলৈকে তেওঁ হাজাৰতকৈ অধিক গাঁত পুতি  অনেকৰ জীৱন বচাইছে৷ তেওঁৰ এই মহৎ কৰ্মৰ বাবে তেওঁক “পটহ’ল দাদা” নামেৰে জনাজাত হয়৷ এই কৰ্মৰ বাবে তেওঁ “মহাৰাণা মেৱাৰ সন্মান” আৰু বিভিন্ন সাহসী বঁটা প্ৰদান কৰা হয়৷ ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ অনুপ্ৰেৰণামূলক কামৰ বাবে নিমন্ত্রণো  জনায় ৷  

কেতিয়াবা জীৱনৰ আঘাতেও মানুহক মানসিকভাৱে ভাঙি নেপেলাই বৰং শক্তিশালী তথা প্ৰত্যাহ্বানেৰে আন বহু যুদ্ধৰ বাবে আমাক সাহসহে  যোগায়৷  মানসিক  শক্তি তথা বলেৰে আমি নিজৰ পুনৰ নিৰ্মাণ  কৰি সুন্দৰভাৱে নিজকে জীয়াই তুলিব পাৰো৷   সেয়েহে Lala Anthony ৰ এটা কথাই মোৰ বাৰুকৈ অনুপ্ৰেৰণা জগাই যে--

        "Life is filled with ups

          and downs and it’s

        just about how you

            react to them"

 

ঠিকনা:

চন্দ্রাৱলী বৰঠাকুৰ,

গুৱাহাটী বিশ্ববিদ্যালয়

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ