অন্যযুগ/


অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈ– ‘ষ্টিলৱেল ৰ’ড’ৰ ৰোমাঞ্চকৰ কাহিনী :

অমৃত গোস্বামী

 

মোৰ বন্ধু, প্ৰখ্যাত চিত্ৰশিল্পী শ্ৰী চম্পক বৰবৰা ডাঙৰীয়াই সিদিনা কথা প্ৰসঙ্গত মোক জুৰী বৰা বৰগোহাঞি ডাঙৰীয়ানীৰ বহু-সমাদৃত উপন্যাস ‘লিড’লাম’-ৰ কথা কৈছিল৷ তেওঁ আৰু কৈছিল“উপন্যাসখন বৰ ভাল হৈছে৷ তুমি নিশ্চয় পঢ়িবা৷ কাহিনীটোৰ পটভূমি হৈছে সেই ঐতিহাসিক ‘ষ্টিলৱেল ৰ’ড’ৰ নিৰ্মাণ কাৰ্য৷” 

তেওঁৰ কথাষাৰে মোৰ মনত বহুদিনৰ পৰি সঞ্চিত হৈ থকা, সদায়েই মোৰ মনত অদম্য কৌতূহলৰ সৃষ্টি কৰা সেই বিখ্যাত ‘ষ্টিলৱেল ৰ’ড’টোৰ কথা আকৌ এবাৰ সোঁৱৰাই দিলে৷ ‘ষ্টিলৱেল ৰ’ড’-ৰ নাম শুনিলেই ইতিহাস, যুদ্ধ, ত্যাগ আৰু বিস্মৃতিৰ এক বৰ্ণিল অধ্যায় মোৰ চকুৰ আগত ভাঁহি উঠে৷ ঘন অৰণ্যৰ গভীৰ নীৰৱতাৰ মাজত হেৰাই যোৱা অতীতৰ অগণন কাহিনী, যুদ্ধৰ দিনৰ পদধ্বনি আৰু সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা স্মৃতিবোৰে মনত আলোড়ন সৃষ্টি কৰে৷ … 

বিশ্বৰ ইতিহাসত কিছুমান পথ বা ৰাস্তা কেৱল যাতায়াতৰ মাধ্যম হিচাপেই নহয়, বৰং একো একোটা যুগৰ ৰাজনৈতিক, সামৰিক আৰু মানৱীয় সংগ্ৰামৰ প্ৰতীক হিচাপে পৰিগণিত হৈ আহিছে৷ দ্বিতীয় বিশ্বযুদ্ধকালীন অগ্নিগৰ্ভ সময়ত নিৰ্মিত ১৭৩৬ কিলোমিটাৰ দৈঘ্যৰ এই ‘ষ্টিলৱেল ৰ’ড’ এটা ঐতিহাসিক পথ৷ অসমৰ লিডুৰ পৰা আৰম্ভ হৈ ম্যানমাৰৰ ঘন অৰণ্যৰ মাজেদি, দুৰ্গম পৰ্বতমালা অতিক্ৰম কৰি চীনৰ কুনমিঙলৈকে বিস্তৃত এই পথটোৱে কেৱল সামৰিক কৌশলৰ সফলতাই নহয়, মানৱীয় সাহস, ত্যাগ আৰু অদম্য সংকল্পৰো এক অনন্য নিদৰ্শন দাঙি ধৰিছে৷ 

উত্তৰ-পূব ভাৰতৰ ইতিহাসত ষ্টিলৱেল ৰ’ডৰ স্থান বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো এই পথ নিৰ্মাণে অসমৰ এমূৰৰ লিডু নামৰ নিচেই ক্ষুদ্ৰ, অখ্যাত ঠাইখনক বিশ্বৰ দৃষ্টিগোচৰ কৰোৱাই ইতিহাসত স্থান দিছিল৷ আজিও এই পথৰ নাম উচ্চাৰিত হ’লেই যুদ্ধকালীন ত্যাগ, কষ্ট আৰু মানৱীয় মনৰ দৃঢ়তাৰ স্মৃতি মনত ভাহি উঠে৷ 

১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধই ক্ৰমাগতভাৱে সমগ্ৰ বিশ্বকে যুদ্ধৰ লগত জড়িত কৰি পেলাইছিল৷ জাপানে তেওঁলোকৰ সাম্ৰাজ্যবাদ বিস্তাৰৰ যোগেদি ১৯৪১-৪২ চনৰ ভিতৰত এছিয়াৰ বহু অঞ্চল তেওঁলোকৰ অধীনলৈ আনিছিল৷ ১৯৪২ চনত জাপানী সৈন্যবাহিনীয়ে ম্যানমাৰ অধিকাৰ কৰাৰ ফলত চীনৰ সৈতে প্ৰধান যোগাযোগৰ পথ ‘বাৰ্মা ৰ’ড’, যিটো ম্যানমাৰৰ লাশ্বিও চহৰৰ পৰা আৰম্ভ হৈ চীনৰ য়ুনান প্ৰদেশৰ কুনমিং চহৰলৈকে বিস্তৃত হৈ আছিল সেইটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল৷

 সেই সময়ত চীনে জাপানৰ বিৰুদ্ধে কঠোৰ যুদ্ধত লিপ্ত হ’বলগীয়া হৈ পৰিছিল৷ চীনলৈ অস্ত্ৰ-শস্ত্ৰ, ঔষধ, খাদ্য আৰু অন্যান্য সামৰিক সামগ্ৰীৰ যোগান অব্যাহত ৰখাটো মিত্ৰশক্তিৰ বাবে অতি জৰুৰী বিষয় হৈ পৰিছিল৷ 

এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ উদ্দেশ্যে আমেৰিকাৰ সামৰিক নেতৃত্বই ভাৰতৰ অসম অঞ্চলৰ পৰা ম্যানমাৰ হৈ চীনলৈ এক নতুন স্থলপথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ এই পৰিকল্পনাৰ মুখ্য স্থপতি আছিল আমেৰিকাৰ সেনাবাহিনীৰ এজন সেনাপতি যোচেফ ডব্লিউ ষ্টিলৱেল৷ ষ্টিলৱেলৰ নেতৃত্বতেই এই বিশাল প্ৰকল্পৰ কামৰ আৰম্ভণি হৈছিল৷ 

১৯৪২ চনৰ ডিচেম্বৰ মাহত অসমৰ লিডুৰ পৰা এই পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল৷ সেই সময়ত লিডু আছিল অসমৰ এক সৰু কয়লাখনি অঞ্চল৷ কিন্তু অতি কম সময়ৰ ভিতৰতে ই এক মিত্ৰশক্তিৰ  গুৰুত্বপূৰ্ণ সামৰিক ঘাটিলৈ পৰিণত হৈ পৰিছিল৷ 

এই পথটো নিৰ্মাণৰ কাম আছিল অতি কষ্টসাধ্য৷ ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলসমূহ ঘন অৰণ্য, কাঁইটীয়া লতাৰে ভৰা দুৰ্গম থিয় পাহাৰ, কুৰুঙ আৰু গভীৰ উপত্যকাৰে আবৃত আছিল৷ বহু ঠাইত কোনো পূৰ্বৱৰ্তী পথেই নাছিল৷ প্ৰথমে জংঘল কাটি সাধাৰণ পথ একোটা উলিয়ই ল’ব লাগিছিল, তাৰ পিছত পাহাৰৰ ঢাল কাটি ৰাস্তা নিৰ্মাণ, খৰস্ৰোতা পাহাৰীয়া নদীৰ ওপৰত সেতু নিৰ্মাণ ইত্যাদি কাৰ্য কৰি আগবাঢ়িব লাগিছিল৷ 

হাজাৰ হাজাৰ ভাৰতীয় শ্ৰমিক, আমেৰিকান অভিযন্তা, চীনা সৈন্য আৰু স্থানীয় জনগোষ্ঠীৰ লোকে এই পথটোৰ নিৰ্মাণ কাৰ্যত অংশগ্ৰহণ কৰিছিল৷ তেওঁলোকৰ অবিৰাম শ্ৰম আৰু অক্লান্ত পৰিশ্ৰমৰ ফলতেই অসম্ভৱ যেন লগা এই প্ৰকল্পটো বাস্তৱায়িত হৈছিল৷ 

ষ্টিলৱেল ৰ’ডৰ ইতিহাস কেৱল সফলতাৰ ইতিহাস নহয়; ই ত্যাগ আৰু মৃত্যুৰো ইতিহাস৷ পথটো নিৰ্মাণৰ সময়ত বহু শ্ৰমিক আৰু সৈন্যৰ মেলেৰিয়া, টাইফয়েড, কলেৰা আদি ৰোগত আক্ৰান্ত হৈছিল৷ ঘন অৰণ্য, বিষাক্ত সাপ, জোক, বন্য জীৱ-জন্তুৰ আক্ৰমণ আৰু অসহনীয় জলবায়ুৱে জীৱন অতিশয় বিপদসংকুল কৰি তুলিছিল৷ 

বৰষুণৰ সময়ত অঞ্চলটোৰ পাহাৰত খহনীয়া হৈছিল, নদীবোৰ ফেনে-ফোটোকাৰে ওফন্দি উঠিছিল আৰু বহু ঠাইত এবাৰ কষ্টেৰে নিৰ্মাণ কৰা পথৰ এচোৱা মুহূৰ্ততে খহনীয়াৰ কবলত পৰি ধ্বংস হৈছিল৷ তদুপৰি জাপানী বাহিনীৰ সম্ভাব্য অতৰ্কিত আক্ৰমণৰ আশংকাও অনবৰতেই  আছিলেই৷ এনেবোৰ কাৰণতে পথটো নিৰ্মাণকালত অসংখ্য শ্ৰমিক আৰু সৈন্যই প্ৰাণ হেৰুৱাব লগা হোৱা বাবে ইতিহাসবিদসকলে এই পথটোক কেতিয়াবা “ৰ’ড থ্ৰু ডা হেল’  বা “নৰকৰ মাজেৰে সজা পথ” বুলিও অভিহিত কৰিছে৷ 

ষ্টিলৱেল ৰ’ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো আছিল ‘পাংচু পাচ’৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় তিনি হাজাৰ সাতশ ফুট উচ্চতাত অৱস্থিত এই পাহাৰীয়া গিৰিপথ আছিল ভাৰত আৰু ম্যানমাৰৰ মাজৰ সংযোগী পথ৷ ব্ৰিটিছ সৈন্যই এই অঞ্চলক ‘হেল পাচ’  বুলি অভিহিত কৰিছিল, কাৰণ ইয়াৰ ভূ-প্ৰকৃতি নৰকৰ দৰে অত্যন্ত দুৰ্গম  আছিল৷ 

আমাৰ অসমীয়া ঔপন্যাসিক স্বৰ্গীয় দেবেন্দ্ৰনাথ আচাৰ্যই তেখেতৰ কালজয়ী উপন্যাস ‘জঙ্গম’ত এই চোৱা বাটক ‘যমৰ দুৱাৰ’ বুলি অভিহিত কৰিছে৷ তথাপিও এই গিৰিপথ অতিক্ৰম কৰিয়েই পথটো  ম্যানমাৰত প্ৰৱেশ কৰিছিল আৰু তাৰ পিছৰ পৰাই চীনৰ দিশলৈ আগবাঢ়িছিল৷ 

১৯৪৫ চনৰ জানুৱাৰি মাহত প্ৰথমবাৰৰ বাবে বৃহৎ যোগানবাহী ট্ৰাকে এই পথ ব্যৱহাৰ কৰি চীনত উপস্থিত হৈছিল৷ ইয়াৰ ফলত চীনলৈ পুনৰ স্থলপথেৰে সামগ্ৰী পঠোৱাৰ সুবিধাৰ সৃষ্টি হয়৷ 

যদিও যুদ্ধৰ শেষ পৰ্যায়ত আকাশপথেও যথেষ্ট সামগ্ৰী প্ৰেৰণ কৰিব পৰা অৱস্থা হৈছিল, তথাপিও ষ্টিলৱেল ৰ’ডে মিত্ৰশক্তিৰ সামৰিক কৌশলত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এই পথটোৱে দেখুৱাইছিল যে মানৱীয় দৃঢ়তা আৰু প্ৰযুক্তিগত দক্ষতাৰে অতি কঠিন ভূ-প্ৰকৃতিকো জয় কৰাটো সম্ভৱ৷ 

দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত এই পথটোৰ সামৰিক প্ৰয়োজনীয়তা ক্ৰমান্বয়ে কমি আহিল৷ ম্যানমাৰৰ ৰাজনৈতিক পৰিৱৰ্তন, চীনত সংঘটিত গৃহযুদ্ধ আৰু পৰৱৰ্তী ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত পথটোৰ বহু অংশ অচল হৈ পৰিলে৷ দীৰ্ঘসময় ধৰি অব্যৱহৃত হৈ থকা পথটোৰ বহু অংশ ক্ৰমান্বয়ে ঘন জংঘলে আৱৰি পেলায়৷ যদিও ভাৰতৰ ফালৰ কিছুমান অংশ এতিয়াও ব্যৱহাৰযোগ্য, সমগ্ৰ পথটোৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱহাৰ এতিয়া বন্ধ হৈ পৰিছে৷ 

একবিংশ শতিকাত ষ্টিলৱেল ৰ’ডে পুনৰ গুৰুত্ব লাভ কৰিছে৷ ভাৰতৰ “এক্ট ইষ্ট পলিচি”-ৰ পৰিপ্ৰেক্ষিতত এই পথ পুনৰ মুকলি কৰাৰ প্ৰস্তাৱ সময়ে সময়ে উত্থাপিত হৈ আহিছে৷

 দেশৰ নিৰাপত্তা সম্বন্ধীয় আশঙ্কা, আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু অন্যান্য কিছুমান বিষয়ৰ বাধ্যবাধকতাৰ বাবে এই প্ৰকল্প এতিয়াও বাস্তৱায়িত হোৱা নাই৷ যদি এই পথ সম্পূৰ্ণৰূপে পুনৰ কাৰ্যক্ষম কৰিব পৰা যাই, তেন্তে উত্তৰ-পূব ভাৰতৰ সৈতে দক্ষিণ-পূব এছিয়াৰ বাণিজ্যিক আৰু সাংস্কৃতিক সংযোগে এক নতুন মাত্ৰা লাভ কৰিব৷ বাণিজ্য, পৰ্যটন আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব৷ পৰ্যটনৰ বিকাশ ঘটিব৷ অসম, অৰুণাচল প্ৰদেশ আৰু ভাৰতৰ সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ’ব বুলি আশা কৰিব পাৰি৷ তদুপৰি আঞ্চলিক সংযোগ আৰু সহযোগিতা অধিক শক্তিশালী হ’ব৷ 

ষ্টিলৱেল ৰ’ড কেৱল ইটা-বালি, শিল-পাথৰ, আদিৰ সংমিশ্ৰণেৰে গঠিত এক পথ নহয়৷ পথটো হৈছে দ্বিতীয় বিশ্বযুদ্ধকালীন অন্ধকাৰ সময়ত আশা, সাহস আৰু মানৱীয় অধ্যৱসায়ৰ এক উজ্জ্বল নিদৰ্শনস্বৰূপ৷ অসমৰ লিডুৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক পথটোৱে বিশ্ব ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ 

আজিও যেতিয়া ষ্টিলৱেল ৰ’ডৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়া মনলৈ আহে হাজাৰ হাজাৰ অজ্ঞাত শ্ৰমিক, সৈন্য আৰু অভিযন্তাৰ ত্যাগৰ কথা৷ তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ ফলতেই অসম আৰু উত্তৰ-পূব ভাৰতৰ এক দুৰ্গম অঞ্চলে বিশ্ব ইতিহাসৰ মানচিত্ৰত চিৰস্থায়ী স্থান লাভ কৰাৰ কথা৷ সেয়েহে ষ্টিলৱেল ৰ’ড কেৱল অতীতৰ গৌৰৱগাথা নহয়;  ইতিহাস, ত্যাগ আৰু ভৱিষ্যতৰ সম্ভাৱনাক একেলগে বহন কৰা এক আশাৰ প্ৰতীকস্বৰূপ৷

                                                       ***

চাৰ্ভে, চন্দননগৰ, গুৱাহাটী-২৮

ভ্ৰাম্যভাষ : ৯৪৩৫০১৪৪৫৫


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ