অন্যযুগ/


কাজল ৰেখা

মূল : দীনেশ চন্দ্ৰ সেন
অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতী

অংকন: বৰ্ণিল মহন্ত

 
এজন সদাগৰ আছিলতেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷ তদুপৰি সদাগৰৰ ঘোঁৰাশালত ঘোঁৰা আৰু পদূলিত হাতী বান্ধি ৰাখিছিল৷ এটা সময়ত সদাগৰৰ মনত জুৱা খেলাৰ নিচা লাগিল৷ জুৱাখেলত বাজি মাৰি মাৰি সদাগৰে সকলো ধন-ৰত্ন হেৰুৱালে৷ অৱশেষত সকলো হেৰুৱাই  সদাগৰে পুতেক আৰু জীয়েকক লগত লৈ শুদা হাতেৰে বাটৰ ভিক্ষাৰী হল৷ সদাগৰৰ জীয়েকৰ নাম কাজল ৰেখা আৰু পুত্ৰৰ নাম ৰত্নেশ্বৰ৷ ছোৱালীজনী লৰাটোতকৈ বয়সত ডাঙৰ৷

এনেকৈ ঘূৰি ফুৰোঁতে এদিন এজন সন্ন্যাসীয়ে সদাগৰক এটা ভাটৌ চৰাই আৰু এটা অপৰূপ আঙঠি দি কলেএইটো হল ধৰ্মমতী ভাটৌ৷ এই ধৰ্মমতী ভাটৌৰ কথামতে চলিলে তোমাৰ দুখ আঁতৰ হব৷ এইবুলি কৈ সন্ন্যাসী গুচি গল৷

দুখৰ সাগৰত পৰি এদিন সদাগৰে ভাটৌ চৰাইটোক কলেকোৱাঁ, আমাৰ জীৱনৰপৰা দুখ কিদৰে আঁতৰ হ? মোৰ ধন-সোণ গ, হাতী গ, ঘোঁৰা গল আৰু আজি লগত পানী খাবলৈ ঘটিটোও নাই৷ এনেদৰে মই কেনেকৈ এই লৰা-ছোৱালীহালক ডাঙৰ-দীঘল কৰিম, জীৱন বচাম?

ধৰ্মমতী ভাটৌ চৰাইটোৱে কলেএইবাৰ তোমাৰ দুখ দূৰ হ! তুমি বজাৰলৈ গৈ আঙঠিটো বিক্ৰী কৰি থৈ আহাঁ৷ সেই আঙঠি বেচা টকাৰে এখন নাও তৈয়াৰ কৰাঁ আৰু সেই নাৱত বণিজ কৰিবলৈ ওলোৱাঁ৷

ভাটৌৰ কথা মিছা নহয়৷ লগে লগে সদাগৰে আঙঠিটো বেচি নাও সজাত লাগিল আৰু তাৰ পাছত বণিজলৈ বুলি ৰাওনা হল৷ কিছুদিনৰ পিছত অনেক ধন-ৰত্ন ঘটি বাণিজ্যৰ পৰা সদাগৰ ঘৰলৈ উভতি আহিল৷ ইতিমধ্যে সদাগৰৰ টকা-পইচাৰ দুখ আঁতৰ হল৷ কিন্তু অন্য এটা দুখ সমুখত আহি পৰিল৷ সুন্দৰী কাজল ৰেখাৰ বাবে ভাল দৰা বিচাৰি নোপোৱা হল৷ সদাগৰে ভাটৌ চৰাইটোক এদিন মনৰ দুখৰ কথা খুলি কলে৷

তেতিয়া ভাটৌ চৰাইটোৱে কলেকাজল ৰেখাৰ বিয়া হব এক মৃত ৰাজকুমাৰৰ সৈতে৷ তাইক এতিয়া আৰু ঘৰত নাৰাখি তুমি বনত এৰি থৈ আহাঁ৷ তোমাৰ সকলো দুখৰপৰা পৰিত্ৰাণ পাবলৈ এতিয়াও যথেষ্ট সময় আছে৷ 

ভাটৌ চৰাইটোৰ কথা শুনি সদাগৰে উপায়বিহীন হৈ কান্দিবলৈ ধৰিলে৷ আনহাতে সন্ন্যাসীৰ উপদেশ মানি এদিনাখন ভাটৌ চৰাইটোৰ মতে নাৱত তুলি ছোৱালীজনী হাবিৰ ফালে লৈ গল৷

নাও চলিল উজনিৰ ফালে৷ বহু দূৰ আগুৱাই গল৷ এখন মহাঅৰণ্য, মানুহৰ কতো চিন-চাব নাই৷ এটা ঘাটত সদাগৰে নাওখন ৰখাই কাজল ৰেখাক লগত লৈ হাবিৰ ভিতৰলৈ প্ৰৱেশ কৰিলে৷ কাজল ৰেখাই ভয় খাবলৈ ধৰিলে৷ তাই ভাবিবলৈ ধৰিলেদেউতাকে তাইক কলৈ আনিছে! সিহঁত হাবিৰ মাজে মাজে খোজ কাঢ়ি বহু দূৰ আগুৱাই গল৷ দূপৰৰ ৰদ মূৰৰ ওপৰ পালেহি, ভাগৰ লাগিছে৷ কাজল ৰেখা আৰু খোজ কাঢ়িব নোৱাৰা হৈ আহিছে৷ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই আহিছে৷ এই সময়তে সন্মুখত দেখা গল এটা পুৰণা মন্দিৰ৷ মন্দিৰৰ দুৱাৰ বন্ধ৷ দুয়ো মন্দিৰৰ খটখটিত বহি পৰিল৷ কাজল ৰেখাই কলেদেউতা, পানী খাম৷ লগে লগে সদাগৰ গল পানীৰ সন্ধানত৷ ইফালে কাজল ৰেখাই মন্দিৰৰ চাৰিওফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে৷ এবাৰ তাই হাতেৰে মন্দিৰৰ দুৱাৰত হেঁচিবলৈ ধৰিলে৷ দুৱাৰখন খোল খাই গল৷ কিনো আছে চাবলৈ কাজল ৰেখা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে৷ যেতিয়াই তাই মন্দিৰৰ ভিতৰলৈ সোমাল লগে লগে খোলা দুৱাৰখন নিজে নিজে বন্ধ হৈ গল৷ আপ্ৰাণ চেষ্টা কৰিও তাই দুৱাৰখন পুনৰ খুলিব নোৱাৰিলে৷ ভয় খাই কাজল ৰেখাই কান্দিবলৈ ধৰিলে৷ কিছু সময়ৰ পিছত সদাগৰে পানী লৈ উভতি আহি মন্দিৰৰ ভিতৰত কাজল ৰেখাৰ কান্দোন শুনিবলৈ পালে৷ তেতিয়া সদাগৰে দৰজাত ঢকিয়াই বাহিৰৰপৰা চিঞৰিলেকাজল, দৰজা খোল৷

কেনেকৈ খুলিব সেই দৰজা? সদাগৰে দৰজাখন ভাঙিবলৈ চেষ্টা কৰিলেকিন্তু নোৱাৰিলে৷ কাজল ৰেখা বন্দী হৈ ভিতৰতে থাকিল৷

সদাগৰে সুধিলেকাজল, মন্দিৰৰ ভিতৰত কি আছে?

কাজল ৰেখাই কান্দি কান্দি কলেএজন মৃত ৰাজকুমাৰ, তেওঁৰ গোটেই শৰীৰত হুলেৰে বিন্ধোৱা আছে৷ মূৰৰ কাষত এটা জ্বলন্ত ঘিউৰ বাটি৷ কথা শুনি সদাগৰ আচৰিত হৈ পৰিল৷ মনলৈ আহিল ভাটৌ চৰাইটোৰ কথা৷ সদাগৰে কলেহে ভগৱান, কাজল ৰেখা সেই মৃত ৰাজকুমাৰেই তোমাৰ স্বামী৷ যেনেকৈ পাৰ তোৰ স্বামীক তই জীয়াই তোল৷ এয়াই তোৰ কপালএইবুলি কৈ সদাগৰ দুখ মনেৰে ঘৰলৈ উভতিল৷

কাজল ৰেখাই মৃত ৰাজকুমাৰৰ মূৰৰ কাষতে বহি কান্দিবলৈ ধৰিলে৷ তেনেতে তাই দেখিলে মন্দিৰলৈ এজন সন্ন্যাসী সোমাই আহিছে৷ অলপ সাহস পাই কাজল ৰেখা সন্ন্যাসীৰ ভৰিত পৰি মূৰ দোঁৱালে৷ সন্ন্যাসীয়ে তাইক আশীৰ্বাদ কৰি কলেমা, তোমাৰ কোনো ভয় নাই৷ এই মৃত ৰাজকুমাৰক ময়েই বনৰ মাজৰ পৰা আনি ইয়াত ৰাখিছোঁ৷ এওঁ জন্মৰপৰাই মৃত হৈ আছে৷ মাথোঁ মোৰ মন্ত্ৰৰ জোৰত তেওঁ ক্ৰমে ডাঙৰ হৈ আহিছে৷ এতিয়া তোমাৰ হাতৰ স্পৰ্শত তেওঁ প্ৰাণ পাব৷ কাজল ৰেখাই অবাক হৈ সন্ন্যাসীৰ ফালে চাই থাকিল৷ 

সন্ন্যাসীয়ে কিছুমান গছৰ পাত ছিঙি আনি কাজল ৰেখাৰ হাতত দি কলেএই পাতেৰে তুমি ৰাজকুমাৰৰ গাৰপৰা হুলবোৰ উলিয়াই দিয়া আৰু সকলোতকৈ শেষত চকুৰ হুল তুলিবা৷ তাৰ পাছত চকুত এই পাতৰ ৰস উলিয়াই বাকি দিবা৷ সেয়া সম্পূৰ্ণ হলেই ৰাজকুমাৰ জী উঠিব৷ কিন্তু খবৰদাৰ, তুমি নিজৰ পৰিচয় ৰাজকুমাৰক কেতিয়াও নিদিবা৷ তেনে কৰিলেই পুনৰ ৰাজকুমাৰ মৃতু্যৰ মুখত পৰিব৷ তোমাৰ দেউতাৰ হাতত থকা সেই ভাটৌ চৰাইটোৱে যেতিয়ালৈকে আহি ৰাজকুমাৰক তোমাৰ পৰিচয় নকয়, তেতিয়ালৈকে তোমাৰ দুখ শেষ নহয়৷ এইবুলি কৈ সন্ন্যাসী গুচি গল৷

তাৰ পিছত কাজল ৰেখাই একান্ত মনে বহুপৰ বহি বহি ৰাজকুমাৰৰ গাৰ হুলসমূহ  তুলিবলৈ ধৰিলে৷ সময় ক্ৰমে দীঘলীয়া হৈ পৰিল৷ আহাৰ-নিদ্ৰা একো নাই৷ তেনেকৈয়ে পাৰ হল সাত দিন, সাত ৰাতি৷ তেতিয়াও দুচকুৰ হুল তুলিবলৈ বাকী, তেতিয়াই কাজল ৰেখা যাবলৈ ওলাল গা ধুবলৈ৷ তাই মনে মনে ভাবিলে, গা ধুই আহি শান্ত আৰু পৱিত্ৰ হৈ অন্তিম হুল তুলি ৰাজকুমাৰৰ শৰীৰত প্ৰাণ দিব৷

মন্দিৰৰ অলপ দূৰৈত এটি ডাঙৰ সৰোবৰ আছে৷ তাতে কাজল ৰেখা গা ধুবলৈ নামিল৷ তেনেতে সৰোবৰৰ সেই ঠাইলৈ এজন অচিনাকি লোক আহিল লগত জীয়েকক লৈ৷ তেওঁ কাজল ৰেখাক দেখি কলেএই ছোৱালীজনীক তুমি দাসী হিচাপে ৰাখিবা? পেটৰ ভোকত মই ছোৱালীজনীক বেচিবলৈ আহিছোঁ৷ কাজল ৰেখাই  ভাবিলেহায় হায়, এজন পিতৃয়ে নিজৰ ছোৱালীক বনবাসত এৰি থৈ গৈছে আৰু এইজন পিতৃয়ে নিজৰ ছোৱালীক বেচিবলৈ আহিছে! ছোৱালীজনীৰ দুখত কাজল ৰেখাৰ চকুৰে পানী বৈ আহিল৷ তাই হাতৰ কঙ্কণ (খাৰু) দি ছোৱালীজনীক কিনি ৰাখিলে৷ তেতিয়াৰে পৰা তাইৰ নাম হকঙ্কণ দাসী৷ কাজল ৰেখাৰ ওচৰত কঙ্কণ দাসীক থৈ দেউতাক গুচি গল৷

কাজল ৰেখাই কঙ্কণ দাসীক কলেতুমি সেই মন্দিৰৰ ভিতৰলৈ যোৱাঁ৷ তাতে এজন মৃত ৰাজকুমাৰ আছে৷ চকুত দুডাল হুল বিন্ধা আছে৷ তেওঁক দেখি ভয় নাখাবা৷ তেওঁৰ মূৰৰ কাষত অলপ গছপাত আছে৷ তুমি গৈ তাৰ ৰস উলিয়াই থবা৷ মই গৈ তাৰ ৰস ৰাজকুমাৰৰ চকুত দিম৷ তেতিয়া ৰাজকুমাৰ জী উঠিব৷

কঙ্কণ দাসীৰ মনটো আছিল অতি কপটীয়া৷ তাই মন্দিৰৰ ভিতৰলৈ গৈ ৰাজকুমাৰৰ চকুৰ হুল তুলি দিলে আৰু চকুত সেই পাতৰ ৰস ঢালি দিলে৷ লগে লগে ৰাজকুমাৰ যেন টোপনিৰ পৰাহে উঠি পৰিল৷ ৰাজকুমাৰে কঙ্কণ দাসীক কলেতুমি যিয়েই নোহোৱা, আজি তুমি মোক প্ৰাণদান দিছা৷ তোমাতকৈ এতিয়া মোৰ আৰু কোনো আপোন নাই৷ আজিৰপৰা তুমি হলা মোৰ ৰাণী৷

এনে সময়তে কাজল ৰেখা গা ধুই উভতি আহিল৷ ৰাজকুমাৰে তেওঁক দেখি সুধিলেএওঁ কোন? কঙ্কণ দাসীয়ে কলেএওঁক মোৰ কঙ্কণ দি কিনিছোঁ৷ এওঁৰ নাম কঙ্কণ দাসী৷

কাজল ৰেখাই কান্দিবলৈ ধৰিলে৷ আনহাতেতাইৰ সন্ন্যাসীৰ কথা মনত পৰাত নিজৰ পৰিচয় ৰাজকুমাৰৰ আগত দাঙিও নধৰিলে৷ সেই দিনাৰপৰাই কঙ্কণ দাসী ৰাজৰাণী হৈ পৰিল৷ আৰু কাজল হলগৈ কঙ্কণ দাসী৷ তাৰ পাছত ৰাজকুমাৰ এদিন ঘূৰি গল নিজ ৰাজ্যলৈ৷ কাজল ৰেখা তেওঁলোকৰ লগতে গল দাসীৰ দৰে৷ দেশলৈ উভতি গৈ ৰাজকুমাৰৰ নাম হল হুল ৰাজকুমাৰ৷

কাজল ৰেখা ৰাজকাৰেঙত দাসীৰ দৰে থাকে আৰু দাসীৰ দৰে খোৱা-বোৱা কৰে৷ লগতে তাই পানী তোলে, বাচন ধোৱে, কাপোৰ ধোৱে আৰু নকল ৰাণীৰ আল-পৈচান ধৰে৷ এনেকৈ দিনবোৰ পাৰ হবলৈ ধৰিলে৷ ইফালে ৰাজকুমাৰৰ সন্দেহ ওপজিল৷ নকল ৰাণীৰ ব্যৱহাৰ বৰ বেয়া৷ দাসী-চাকৰণীৰ দৰে তাইৰ কথা-বাৰ্তা আৰু চালচলন৷ ইফালে কাজল ৰেখাৰ গুণৰ সীমা নাই৷ যেনে ৰূপ, তেনে তাইৰ সুন্দৰ স্বভাৱ-চৰিত্ৰ৷ এই দুয়োগৰাকী কন্যাক পৰীক্ষা কৰি চাবৰ বাবে ৰাজকুমাৰে এদিন নকল ৰাণীক কলেমই দেশ ভ্ৰমণ কৰিবলৈ যাম, তোমাৰ বাবে কি আনিব লাগিব? নকল ৰাণীয়ে দাসী-চাকৰণীৰ দৰেই কলেবাঁহৰ বাচোন, বাঁহৰ কুলা, তেঁতেলি কাঠৰ ঢেঁকী, পিতলৰ নাকফুলি আৰু কাঁহৰ ঘটি৷

কথা শুনি ৰাজকুমাৰ অবাক৷ তাৰপিছত তেওঁ কাজল ৰেখাক শুধিলেতোমাৰ বাবে কি কি আনিম৷ কাজল ৰেখাই কলেমোৰ বাবে একো আনিব নালাগে৷ আপোনাৰ ঘৰত মই সুখেৰে আছোঁ৷ কিন্তু ৰাজকুমাৰে জোৰকৈ ধৰাত তাই কলেতেনেহলে মোৰ বাবে এটা ধৰ্মমতী ভাটৌ চৰাই এটি কিনি আনিব৷

ৰাজকুমাৰ দেশ ভ্ৰমণ কৰিবলৈ ওলাল৷ নকল ৰাণীৰ বস্তুসমূহ পোৱা গল আতি সহজতে৷ কিন্তু কাজল ৰেখাৰ ধৰ্মমতী ভাটৌ চৰাই কতো পাবলৈ নাই৷ বিচাৰি বিচাৰি তেওঁ গল ধনেশ্বৰ সদাগৰৰ দেশলৈ৷ তাত ঢোল-মৃদংগ বজাই তেওঁ ঘোষণা কৰি দিলেযিমান দামেই নহওক কিয় তেওঁক ধৰ্মমতী ভাটৌ চৰাই লাগে৷

ধনেশ্বৰ সদাগৰে সেই কথা শুনি আচৰিত হৈ পৰিল৷ কোনে বিচাৰিছে এই ধৰ্মমতী ভাটৌ চৰাইটো৷ নিশ্চয় কাজল ৰেখাই হব৷ সদাগৰে ৰাজকুমাৰক ভাটৌ চৰাইটো দি বিদায় দিলে৷ ৰাজকুমাৰে আনন্দ মনেৰে নিজ ৰাজ্যলৈ ৰাওনা হল৷

ঘৰলৈ আহি ৰাজকুমাৰে মন্ত্ৰীৰ সৈতে পৰামৰ্শত মিলিত হল৷ কেনেকৈ পোৱা যাব ৰাণী আৰু দাসীৰ আচল পৰিচয়?

মন্ত্ৰীয়ে কবলৈ ধৰিলেআপুনি যেতিয়া ৰাজ্যত নাছিল, তেতিয়া মই দুয়োগৰাকীকে ৰাজ্যৰ কাম-কাজৰ বিষয়ে সুধিছিলোঁ৷ তেতিয়া দেখা পোৱা গল ৰাণীৰ বুদ্ধি একেবাৰে নাই৷ কিন্তু দাসী খুব বুদ্ধিমতী৷

ৰাজকুমাৰে ভাবিবলৈ ধৰিলে৷

মন্ত্ৰীয়ে কলেআপুনি আন এটা পৰীক্ষা লওক৷ আপোনাৰ বন্ধুসকলক এদিন খাবলৈ নিমন্ত্ৰণ দিয়ক৷ দুয়োগৰাকীকে ৰান্ধিবলৈ দিবকোনে কেনেকৈ ৰান্ধে, তেতিয়াই জানিব পাৰিব দুয়োগৰাকীৰ গুণ৷ কথা মতেই কাম৷ দাসী আৰু ৰাণী দুয়োগৰাকীকে ৰান্ধিবলৈ দিয়া হল৷ নকল ৰাণীয়ে ৰান্ধিলে ঔটেঙাৰ ছাটনি, কচু-শাক আৰু জলকীয়াৰ আঞ্জা৷ আৰু দুখুনী কাজল ৰেখাই ৰান্ধিলে পৰমান্ন, পঞ্চাছ বিধমান সুস্বাদু ব্যঞ্জন, গাখীৰ আৰু খীৰৰ মিঠাই৷

হুল ৰাজকুমাৰে সকলো দেখিলে৷ কিন্তু পতিয়ন যাব নোৱাৰিলে৷ তাৰ পাছত আকৌ এবাৰ এটা পৰীক্ষা কৰিলে৷ লক্ষ্মী পূৰ্ণিমাৰ দিনা কাজল ৰেখা আৰু নকল ৰাণীক মাতি কলেমোৰ বন্ধুসকল আহিব, যিমান সুন্দৰকৈ পাৰা দুয়ো আল্পনা আঁকিবা৷ 

আদেশ পাই নকল ৰাণীয়ে আঁকিলে কেঁকোৰাৰ ঠেং, বগলীৰ ঠেং, ধানৰ ঠোক, পোক-পতঙ্গ ইত্যাদি৷ ইফালে কাজল ৰেখাই আঁকিলে সকলোতকৈ আগত মাক-দেউতাকৰ চৰণ, কলচী, লক্ষ্মীৰ ভৰিৰ ছাপ আৰু বিভিন্ন দেৱ-দেৱীৰ জ্ঞানমন্দিৰ, নদ-নদী, পাহাৰ-পৰ্বত৷ শেষত আঁকিলে মন্দিৰৰ  ভিতৰত থকা সেই মৃত ৰাজকুমাৰৰ ছবি৷ কিন্তু তাত নিজক অংকন নকৰিলে৷ লগতে আল্পনা আঁকি কাজলে চাৰিওফালে বন্তিও জ্বলাই দিলে৷

সকলোৱে নকল ৰাণীৰ আল্পনা দেখি অবাক হৈ পৰিল৷ কিন্তু কাজলৰেখাৰ আল্পনা দেখি সকলো মুগ্ধ হল৷ সকলোৱে বুজি পালেএওঁ কোনো ভদ্ৰঘৰৰ ছোৱালী বুলি৷ সকলোৱে কাজল ৰেখাক প্ৰশংসা কৰিবলৈ ধৰিলে৷ ইয়াতে নকল ৰাণী ক্ষোভত জ্বলিবলৈ ধৰিলে আৰু কাজলৰেখাই ঘৰৰ ভিতৰত সোমাই কান্দিবলৈ ধৰিলে৷ কন্দা শুনি ভাটৌ চৰাইটোৱে কলেনাকান্দিবা কাজল৷ তোমাৰ দুখৰ দহ বছৰ পাৰ হল আৰু দুবছৰ ধৈৰ্য ধৰা৷ তোমাৰ দুখ এদিন শেষ হবই৷

কিন্তু কত দুখৰ অন্ত পৰিল! নকল ৰাণীৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গল৷ তাই নানা ধৰণৰ ষড়যন্ত্ৰ কৰি হুল ৰাজকুমাৰৰ মন বিষাক্ত কৰি তুলিলে৷ এদিন বিৰক্ত হৈ ৰাজকুমাৰে আদেশ কৰিলেযোৱা, দাসীক বনত এৰি থৈ আঁহাগৈ৷

হায় হায়, আকৌ বনবাস! নাৱত তুলি কাজল ৰেখাক পুনৰ লৈ গল বনলৈ৷ বিভিন্ন দেশ, বিভিন্ন নদী অতিক্ৰম কৰিলে৷ দুখ মনেৰে নাৱত কাজল ৰেখা কান্দি কান্দি গৈ থাকিল৷

এই যাত্ৰাৰ মাজতে হুল ৰাজকুমাৰৰ এজন বন্ধুৱে কলেতোমাৰ কন্দা-কটা বন্ধ কৰাঁ, তোমাক মই বিয়া পাতিম৷ মই কাঞ্চনপুৰৰ এজন ধনী কোটিপতিৰ পুত্ৰ৷ বলা মোৰ লগত, তোমাৰ কোনো ভয় নাই৷ কাজলে কলেনহয়, ৰাজকুমাৰে মোক বনত দিবলৈ কৈছে যেতিয়া বনতেই এৰি দিয়া৷

ইফালে নাও গৈ পালেগৈ সাগৰ৷ এয়া কপালৰ দোষ, সাগৰৰ ঢৌত নাও উটি-ভাহি গল৷ তেতিয়া নাৱৰ গুৰিয়ালে কলেএই ছোৱালীজনী পোৰা কপাল, এই ডাইনী, এইক সাগৰৰ পাৰৰ বালিত এৰি থৈ আমি উভতি যাওঁগৈ৷ কথা মতেই কাজল ৰেখাক সাগৰ পাৰৰ বালিত নমাই সকলো উভতি আহিল৷ সাগৰ পাৰৰ বালিত কেৱল সৰু সৰু নল-খাগৰিৰ বন৷ কাজল ৰেখাই সেই নল-খাগৰিকে খাই বাচি থাকিল৷

এদিন সাগৰত এক ডাঙৰ ধুমুহা আহিল৷ সেই ধুমুহাৰ কোবত কৰবাৰপৰা ভাহি আহিল সদাগৰৰ এখন নাও৷ পুৱা ধুমুহা শাম কাটিলেতেতিয়া নাৱৰপৰা নামি আহিল ৰত্নেশ্বৰ সদাগৰ, অৰ্থাৎ কাজল ৰেখাৰ ভায়েকটো৷ শৈশৱতেই কাজল ৰেখাৰ সৈতে তাৰ বিচ্ছেদ হৈছিল৷ তাৰ পাছত বাৰ বছৰ পাৰ হৈ গল৷ ধনেশ্বৰ সদাগৰৰ তেতিয়া মৃত্যু হৈছিল৷ দেউতাকৰ পিছত ৰত্নেশ্বৰ এতিয়া সদাগৰ৷ সদাগৰে দেখিলে সাগৰ পাৰত এগৰাকী অপৰূপ সুন্দৰী কন্যা৷ কিন্তু ভাই-ভনী কোনেও কাকো চিনিব নোৱাৰিলে৷ অকলশৰীয়া ছোৱালীজনীক ৰত্নেশ্বৰে উদ্ধাৰ কৰি ঘৰলৈ লৈ আহিল৷ পূৰ্বৰ নিজা ঘৰত উপস্থিত হৈ কাজল ৰেখাই সকলো চিনিব পাৰিলে৷ সিহঁতৰ মাক-দেউতাৰ মৃত্যু হৈছিল৷ তেওঁলোকলৈ মনত পৰি কাজল ৰেখাৰ মনৰ দুখত চকুৰ পানী ওলাবলৈ ধৰিলে৷

ৰত্নেশ্বৰে শুধিলেকাৰ কন্যা তুমি, ত তোমাৰ ঘৰ? তোমাৰ পৰিচয় কোৱাঁ৷ কাজলে কান্দি কান্দি কবলৈ ধৰিলেমোৰ পৰিচয় মই কব নোৱাৰিম৷ হুল ৰাজকুমাৰৰ দেশত আছে এটা ধৰ্মমতী ভাটৌ চৰাই৷ তেৱেঁই জানে মোৰ পৰিচয়৷ সেই চৰাইটোক যদি আনিব পাৰাঁতেতিয়াই জানিব পাৰিবা মোৰ পৰিচয়৷

ৰত্নেশ্বৰে মানুহ-কটকী পঠালে হুল ৰাজকুমাৰৰ দেশলৈ৷ সেইফালে হুল ৰাজকুমাৰ কেৱল পাগল হবলৈহে বাকী৷ কাজল ৰেখাক বনলৈ পঠিয়াই তেওঁৰ দুখৰ সীমা নোহোৱা হল৷ নকল ৰাণীৰ বেয়া ব্যৱহাৰত তেওঁৰ জীৱন জ্বলি-পুৰি ছাই হৈ গৈছে৷ এনে সময়তে ভাটৌ চৰাই বিচাৰি আহিল সদাগৰ ৰত্নেশ্বৰৰ মানুহ-কটকী৷ নকল ৰাণীয়ে টকাৰ লোভত ভাটৌ চৰাইটো বিক্ৰী কৰি দিলে৷ ৰত্নেশ্বৰৰ লোক চৰাইটো লৈ উভতি আহিল৷ সিহঁতৰ পিছে পিছে পাগলৰ দৰে হুল ৰাজকুমাৰো আহিবলৈ ধৰিলে৷

ভাটৌ চৰায়ে কাজল ৰেখাৰ দুখৰ কথা ক, সেই কথা শুনিবলৈ বিভিন্ন লোক আহিল৷ সকলোৱে ভাবিব ধৰিলে যে কাজল ৰেখা আচলতে জলপৰীহে৷ সাধু ৰত্নেশ্বৰে তাইক সমুদ্ৰৰপৰা ধৰি আনিছে৷ জলপৰীৰ পৰিচয় জানিবলৈ দেশৰ লোক অফলা ভাঙি আহি সদাগৰৰ চোতালত উপস্থিত আৰু যেয়ে যেনেকৈ পাৰে চোতালতে বহিল৷ সকলোৰে পিছত বহি ৰল পাগল হুল ৰাজকুমাৰ৷

সোণৰ সঁজাত থকা ধৰ্মমতী ভাটৌ চৰাইটো সকলোৰে সমুখলৈ অনা হল৷ তেতিয়া ধৰ্মমতী ভাটৌটোৱে কবলৈ ধৰিলেকেনেকৈ কাজল ৰেখাই হুল ৰাজকুমাৰৰ প্ৰাণ দান কৰিলে, কেনেকৈ কঙ্কণ দাসীয়ে তেওঁক ঠগি নিজে ৰাণী হল৷ অৱশেষত ভায়েক-ভনীয়েকৰ পৰিচয় দি কবলৈ ধৰিলেআজিৰপৰা কাজল ৰেখাৰ দুখৰ দিন শেষ হল৷ এইবুলি কৈ সোণৰ সঁজাৰপৰা ভাটৌ চৰাইটো উৰি গুচি গল৷

বায়েক কাজল ৰেখাক ৰত্নেশ্বৰে তুলি ধৰিলে৷ দুয়ো দুয়োৰে কাষলৈ গৈ আনন্দতে কান্দিবলৈ ধৰিলে৷ তাৰ পাছত হুল ৰাজকুমাৰৰ লগত কাজলৰ বিয়া হৈ গল৷ দেশলৈ উভতি গৈ হুল ৰাজকুমাৰে নকল ৰাণী কঙ্কণ দাসীক মাটিত পুতি থলেগৈ৷

নগাঁও (অসম)
ভ্ৰাম্যভাষ: ৯৪৩৫৭ ৬৯৬৮৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ