দাদুল দেৱকৃষ্ণ
বৰুৱা
এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই খদমদম। বুকু ভৰি পৰিছে ষ্টেপানৰ। পুত্ৰ-বোৱাৰীৰ পৰিচৰ্যা আৰু নাতি-নাতিনীৰ আব্দাৰেৰে উমাল হৈ পৰিছে তেওঁৰ ঘৰ, মন আৰু সময়।
মলেঁয়া আৰু ক্লেপেটাঁৰো সংসাৰ ভৰি আছে। এইবাৰো তিনিটা পোৱালিয়েই জগিল তাহাঁতৰ বাহত। ক্লেপেটাঁই ইতিমধ্যে পো-পোৱালিক উৰণ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছে। মলেঁয়াক অকলশৰীয়া কৰি যাবগৈ তাহাঁত— দক্ষিণ আফ্ৰিকালৈ।
ষ্টেপানৰ পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীহঁতো যাবগৈ। দুদিন ভৰি থকা ঘৰখন আকৌ উৰুঙা হৈ পৰিব। দিনবোৰ আকৌ নিজান হ'ব। দুটি দুৰ্ভগীয়া প্ৰাণ মাথোঁ সংগী হ'ব— ষ্টেপান আৰু মলেঁয়া। দুয়োৰে পৰিয়াল আছে; অথচ কাষত নাথাকে।
এইকেইদিন
মলেঁয়া আৰু ক্লেপেটাঁৰ কথা সুধি সুধি নাতি-নাতিনীহঁতে ষ্টেপানক ভাগৰাই দিছে।
এতিয়াও তেওঁ বাৰাণ্ডাত বহি থকা অৱস্থাতে ডাঙৰ পুতেকৰ সাত বছৰীয়া সৰুটো ল'ৰা
আহি সুধিলে—
: মানুহ কিয় চৰাইৰ দৰে উৰিব নোৱাৰে?
হয়তো! মানুহ কিয় চৰাইৰ দৰে উৰিব নোৱাৰে? মানুহে কত কিযে না কৰিব পাৰে। এফালে যেনেকৈ এভাৰেষ্ট জয় কৰিব পাৰে, তেনেকৈয়ে অতল সমুদ্রত ডুব দি মণি-মুক্তাও সংগ্রহ কৰি আনিব পাৰে। উৰাজাহাজৰ মাধ্যমেৰে আকাশো জয় কৰিছেই, আনকি জয় কৰি পেলাইছে মহাকাশো। সেয়ে মানুহৰ সক্ষমতাক লৈ প্রশ্ন তুলিবলৈ যোৱাটো অনর্থক। ইমানৰ পিছতো এটা কাম কিন্তু মানুহে বহুদিন ধৰি কৰাৰ চেষ্টা কৰিও, আজিও সফল হ'ব পৰা নাই। সেইটো হ'ল নিজৰ শৰীৰত ডেউকা লগাই, সেই ডেউকাৰে যেতিয়াই ইচ্ছা কৰে তেতিয়াই উৰি ইফালে সিফালে যোৱা, শূন্যত হেৰাই যোৱা। ঠিক যেনেকৈ চৰাইবোৰে কৰি থাকে!
অদ্যাৱধি মানুহে চৰাইৰ দৰে উৰাৰ সক্ষমতা অর্জন কৰিব পৰা নাই বাবেই, এই বিশেষ প্রাণীবিধৰ প্রতি মানুহৰ মনত আজিও বিশেষ সমীহ ৰৈছে। তদুপৰি অধিকাংশ চৰায়েই দেখিবলৈ বৰ ধুনীয়া; তাহাঁতৰ নানা বৰণ, নানা আকাৰ। আকৌ খুব শুৱলা তাহাঁতৰ কণ্ঠ। সেয়ে চৰাইৰ প্রতি মানুহৰ কেৱল সমীহ বা সন্মানেই নহয়, আছে ভালপোৱাও। চৰাইৰ প্রতি মানুহৰ মুগ্ধতা অনন্তকাল ধৰি আছে। আৰু এই সমীহ, ভাললগা আৰু মুগ্ধতাৰ কাৰণতেই, সেই আদিম যুগৰপৰাই মানুহৰ সৃষ্ট গান, কবিতা, ৰূপকথা, উপকথা, কিংবদন্তি, প্রবাদ-প্রবচন সকলোতে আছে চৰাইৰ উল্লেখ। আনকি ধর্মগ্রন্থতো চৰাইক বিশেষ মৰ্যাদা দিয়া হৈছে। পাৰ চৰায়েই যে প্রধান অগ্রপথিক আছিল মহাপ্লাৱনৰ সমাপ্তিত!
নাতিয়েকৰ
প্ৰশ্নৰ উত্তৰত ষ্টেপানে কি ক'ব ভাবি পোৱা নাআ। মাথোঁ ক'লে—
: মানুহবোৰ চৰাই
নহয় বাবে!
: মানুহ এনেও
চৰাই নহয়।— উভতি ধৰে নাতিয়েকে।
: নহয়। সেয়ে উৰিব নোৱাৰে!— ষ্টেপানে ৰগৰ কৰিলে।
যুগে যুগে চৰাইক
লৈ অসংখ্য উপকথা আৰু কিংবদন্তিৰ সৃষ্টি হৈছে। কালৰ বিৱর্তনত কিছু বিলীন হৈ গৈছে।
কিছুমানে সময়ক ফাঁকি দি কালজয়ী হৈ আছে। এইবোৰে ল'ৰাৰ পৰা
বুঢ়ালৈকে সকলোকে আকৰ্ষণ কৰি আহিছে। সেয়ে ষ্টেপানে তেনে কেইটামান কাহিনী, কিংবদন্তি
কৈয়েই নাতিয়েকক জব্দ কৰাৰ কথা ভাবিলে।
: চৰাইৰ
কাহিনীকে কওঁ আজি!— ষ্টেপানে ক'লে।
: বঢ়িয়া হ'ব।— নাতিয়েকে ক'লে।
খবৰটো সি
বাকীকেইটাকো দিলে। সকলো ষ্টেপানৰ ওচৰ চাপি আহিল। ষ্টেপানৰ বাৰাণ্ডাত কাহিনীৰ মজলিছ
বহিল। ষ্টেপানে ক'বলৈ আৰম্ভ কৰিলে—
মর্ত্য আৰু স্বর্গৰ মাজত তথা শূন্যত বিচৰণ কৰা চৰাইবোৰক মূলতঃ অনুমান কৰা হয় স্রষ্টাৰ বার্তাবাহক, দূত কিম্বা দেৱতা হিচাবে। পাৰ, কাউৰী, সাৰস, ঈগল প্রভৃতি হ'ল এনে কিছুমান চৰাই যিবোৰক উপকথা আৰু কিংবদন্তিত স্বর্গৰ পৰা আগমন ঘটা প্রাণী হিচাবে উপস্থাপিত কৰা হৈছে। পাৰ হৈছে অসিৰীয় দেৱী আৰু এফ্রোদাইটিৰ কাহিনীত। তদুপৰি পাৰই হ'ল মর্ত্যলোকত থকা ঈশ্বৰৰ পৱিত্র আত্মাৰ প্রতীক। নৰ্ছ উপকথাত হাগিন আৰু মানিন নামৰ এযোৰ কাউৰী পৃথিৱীৰ যাৱতীয় খা-খবৰ ঈশ্বৰ উডিনৰ ওচৰলৈ নিবলৈ অহা-যোৱা কৰাৰ কথা উল্লেখ আছে। সাৰস আছিল হাৰমেছ/মাৰকিউৰিৰ পৱিত্র পক্ষী। এটোছ ডিউছ নামৰ জিউছৰ এটা বিশালাকাৰ সোণালী বৰণৰ ঈগল চৰাই আছিল, যি তেওঁৰ ব্যক্তিগত বার্তাবাহক হিচাবে কাম কৰে আৰু তেওঁক সংগ দিয়ে।
: আৰু কওকচোন।—
নাতিয়েকে খাটনি ধৰিলে।
: কিছুমান চৰাইক মৃত মানুহৰ আত্মাৰ প্রতিনিধি হিচাপে ধৰা হয়। ঐতিহাসিকভাৱেই, কুসংস্কাৰাচ্ছন্ন মানুহে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে পাৰ হ'ল ‘চাইক'পম্প’, যি মৃতকৰ আত্মাক পৰৱর্তী জগতলৈ লৈ যায় আৰু একেলগে তাহাঁতে বর্তমান জগতত মৃতকৰ প্রতিনিধিত্বও কৰে। আনকি আজিৰ দিনতো এই বিশ্বাস অনেকৰ মনত অক্ষুণ্ণ আছে।— ষ্টেপানে ক'লে।
ৰাজহাঁহ হ'ল অনন্য সাধাৰণ সৌন্দর্যৰ প্রতীক। সেয়ে ৰাজহাঁহক কেন্দ্র কৰি পৃথিৱীব্যাপী অসংখ্য উপকথা আৰু কিংবদন্তিৰ জন্ম হৈছে। বিশেষকৈ ‘ছোৱান মেইডেন’ৰ উপকথা, য'ত দেখা যায় এজন অবিবাহিত তৰুণে ছোৱান মেইডেনৰ পৰা ৰাজহাঁহৰ পাখিৰে তৈয়াৰ কৰা পোছাক চুৰ কৰিছে, যাতে ছোৱান মেইডেন উৰি নাযায় আৰু তেওঁখ বিয়া কৰায়। ফিনলেণ্ড, শ্রীলংকা, ইৰাণ, অষ্ট্ৰেলিয়া, ইন্দোনেছিয়াসহ বিশ্বৰ অনেক দেশতেই এই উপকথাটোৰ আছে তুঙ্গস্পর্শী জনপ্রিয়তা।
ককা আৰু নাতিৰ মেল চলি থকাৰ সময়তে ওলালহি মাৰ্ক'। সি মলেঁয়া আৰু ক্লেপেটাঁৰ বাবে মাছ কেইটামান লৈ আহিছে। ষ্টেপানৰ নাতিহঁতে কৌতূহলেৰে সৈতে চালে— মাৰ্ক'ই অনা মাছবোৰ কেনেকৈ ক্লেপেটাঁই এটা এটাকৈ নি মলেঁয়া আৰু পোৱালিকেইটাক খুৱাইছেগৈ।
: ক্লেপেটাঁ
যেতিয়া গুচি যায়গৈ তেতিয়া মলেঁয়াই কান্দেনে?— বৰ নাতিয়েকে
সুধিলে ষ্টেপানক।
: সকলোৱেইতো
কান্দে বিদায় অথবা চিৰবিদায়ৰ সময়ত।
: আপুনি কি কৰে
তেতিয়া?
: বুকুৰ মাজত
সুমুৱাই লৈ সান্ত্বনা দিওঁ।
: তাই শান্ত
হয়!
: হয়গৈ লাহে
লাহে।
: মলেঁয়া সদায়
থাকক আপোনাৰ ওচৰত।
: সদায় কোনো
নাথাকে বোপাই। পৃথিৱীত আমি সকলো দুদিনৰহে। সময় হ'লেই যাবগৈ
লাগিব।
: মলেঁয়া ক'লৈকো নাযায় দিয়া। তাই এতিয়া পৃথিৱী বিখ্যাত হৈ গৈছে। তাই সকলোৰে বুকুৱে বুকুৱে থাকিব।— কথাখিনি ষ্টেপানৰ বৰপুত্ৰৰ। নাতি আৰু ককাৰ মাজৰ কথোপকথন মনে মনে শুনি থকা অৱস্থাৰ পৰা নিজৰ মনৰ কথা ক'লে তেওঁ।
আচলতে কোনো ক'লৈকো
নাযায়! আপোন সকলোৱেই কায়িকভাৱে কাষত নাথাকিলেও বুকুৰ মাজত থাকে তেওঁলোক। মানুহৰ
বুকু আৰু স্মৃতিয়েই সকলোতকৈ উত্তম ঠিকনা!— পুতেকৰ কথা শুনাৰ পিছত ষ্টেপানে মনে
মনে ভাবিলে আৰু তেওঁ পুতেকক ক'লে—
: ঠিকেইতো!
কিছুমানে আমাক আঁতৰাই পঠিয়ায়; কিছুমানক আমি আঁতৰাই পঠাওঁ— এয়া
মানুহৰ স্বভাৱ কিম্বা প্ৰকৃতি। আঁতৰাই পঠোৱা আৰু ওচৰ চপাই অনাৰ ক্ষেত্ৰত সময়েই
সকলোতকৈ পাকৈত। জীৱন নামৰ পৰিক্ৰমাটো শেষ কৰাবলৈ তেতিয়াহে সহজ!
: আজি এটা কাম
কৰোঁ বুলি ভাবিছোঁ।— পুতেকে পুনৰ ক'লে।
: কি কাম?—
ষ্টেপানে
সোধে।
: ইহঁতবোৰক চাভা
নৈ দেখুৱাই আনোগৈ।
: বৰ ভাল।
: আপুনিও ওলাব।
: ঠিক আছে।
ষ্টেপান
বাৰাণ্ডাৰ পৰা বাহিৰ ওলাই আহিল। চোতালত তেতিয়া মাৰ্ক'ই মাছ লৈ অহা
পাত্ৰটো তাৰ চাইকেলৰ কেৰিয়াৰত বান্ধি আছে।
: কথা এটা কওঁ
বুলি ভাবিছোঁ।— ষ্টেপানে ক'লে।
: কওক।— মাৰ্ক'
আচৰিত
হ'ল সামান্য।
: মই নোহোৱা হৈ
গ'লে মলেঁয়াক তুমি চাবানে?
: কি কথা কয়হে!
: সঁচাকৈয়ে মই
যদি নোহোৱা হৈ যাওঁ হঠাৎ! বয়স হৈছেতো।
: অমংগলীয়া কথা ভাবিব নাপায়। নাতিহঁতৰ লগত ফূৰ্তি কৰক আপুনি।— মাৰ্ক'ই বয়স্ক মানুহৰ দৰে কথাখিনি কৈ চাইকেলত উঠিল।
ষ্টেপান ঘৰৰ
মূধচলৈ চালে।
মলেঁয়াৰ
পৰিয়াল থিয় হৈ আছে। ইটোৱে সিটোৱে নিজৰ ভাষাত কথা পাতিছে। এতিয়া কথা পাতি থকা
কেৱল মলেঁয়া ৰৈ যাব। বাকীবোৰ যাবগৈ— আফ্ৰিকালৈ। একেদৰেই ষ্টেপানৰ ঘৰ ৰজনজনাই থকা
পুত্ৰ-বোৱাৰী, নাতি-নাতিনী সকলো যাবলৈ।
মলেঁয়া
অকলশৰীয়া হ'ব।
তেওঁ অকলশৰীয়া হ'ব।
আচলতে সকলো
অকলশৰীয়া!
কথাষাৰ ষ্টেপানে
নিজেই নিজক ক'লে।
(আগলৈ)