অন্যযুগ/


গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

 পুলিন কলিতা




মহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো ইউনিকৰ্ন নামৰ এটি প্ৰাণীৰ৷ দ্বিতীয় প্ৰাণীবিধৰ কোনো জীৱাশ্ম আজিলৈকে ক’তো উদ্ধাৰ হোৱা নাই; এই প্ৰাণীবিধক কাল্পনিক বুলিয়েই কোৱা হয়৷ কিন্তু ষাঁড়গৰু কাল্পনিক নহয়; সমগ্ৰ ভাৰততে বিভিন্ন আকাৰৰ ষাঁড়গৰু আজিও পোৱা যায়৷ জীৱবিজ্ঞানীসকলৰ মতে কমেও দহ হাজাৰ বছৰৰ আগতে গৰুৰ এটা প্ৰজাতি মধ্য এছিয়াত পুহিবলৈ আৰম্ভ কৰিছিল সেই ঠাইৰ অধিবাসীসকলে৷ সেয়া নিওলিথিক সময়৷ মধ্য এছিয়া, আফ্ৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, আমেৰিকা আদিত পোৱা বৰ্তমানৰ গৰুবোৰ এইটো প্ৰজাতিৰে বংশধৰ বুলি জীৱবিজ্ঞানীসকলে কয়৷ জীৱবিজ্ঞানীসকলে আৰু কয় যে মধ্য এছিয়া, ভাৰতীয় উপমহাদেশ, চীন আদিত বৰ্তমানে পোৱা সৰু আকাৰৰ গৰুবোৰ প্ৰায় সাত হাজাৰ বছৰৰ আগেয়ে হৰপ্পা-মহেঞ্জোদাৰো আদিত পুহিবলৈ আৰম্ভ কৰা গৰুৰ প্ৰজাতিটোৰ বংশধৰ৷ বিশ্বত গৰুৰ প্ৰজাতি দুটা— bos taurus আৰু bos indicus৷ দ্বিতীয় প্ৰজাতিটো ভাৰতীয় উপমহাদেশত আৰু আনটো প্ৰজাতি বিশ্বৰ আন অঞ্চলত বাস কৰে৷ দুয়োটাই পোহনীয়া প্ৰজাতি৷ ভাৰতত bos indicus ৰ ভালেমান উপপ্ৰজাতি পোৱা যায়৷ এইবোৰৰ আকাৰ আৰু ইহঁতে দিয়া গাখীৰৰ পৰিমাণ বিভিন্ন৷ হৰপ্পা সভ্যতাৰ আৱিষ্কাৰক জন মাৰ্শ্বালৰ মতে The indus Valley must have been especially rich in this fine breed of cattle, which is closely allied if not identical with the magnificent white and grey breed still common in Sindh, Northern Gujrat and Rajputhana. মাৰ্শ্বালে এই মন্তব্য কৰিছিল হৰপ্পা আৰু বিশেষকৈ মহেঞ্জোদাৰো সভ্যতাত উদ্ধাৰ হোৱা গৰুৰ মোহৰ আৰু প্ৰাণীবিধৰ জীৱাশ্ম আৰু অৱশেষৰ বৃহৎ পৰিমাণ দেখি৷

ভাৰতত গৰু :

হৰপ্পা-মহেঞ্জোদাৰোত যদি গৰুৰ জীৱাশ্ম আৰু অৱশেষ প্ৰচুৰ পৰিমাণে পোৱা গৈছে আৰু গৰুৰ প্ৰতিকৃতিযুক্ত মোহৰৰ যদি বিশেষ গুৰুত্ব আছে, তেন্তে ক’ব পাৰি যে ভাৰতত গৰুৰ গুৰুত্ব প্ৰাগৈতিহাসিক কালৰেপৰা আছে৷ একাংশ জীৱবিজ্ঞানীৰ মতে গৰু ভাৰতীয় উপমহাদেশৰ স্থানীয় জন্তু, অৰ্থাৎ ইয়াৰ উদ্ভৱ এই ঠাইতে হৈছিল আৰু বনৰীয়া অৱস্থাৰপৰা হৰপ্পা- মহেঞ্জোদাৰোৰ অধিবাসীয়ে ইয়াক পোহনীয়া কৰিছিল৷ বৰ্তমানে এই বৃহৎ অঞ্চলটোত পোৱা bos indicusবোৰ সেই গৰুবোৰৰে উত্তৰ প্ৰজন্ম৷ ইয়াৰ বিপৰীতে আন একাংশ জীৱবিজ্ঞানীয়ে ক’ব বিচাৰে যে আৰ্যসকলে প্ৰব্ৰজন কৰোঁতে লগত গৰুও আনিছিল৷ ভাৰতলৈ আহোঁতে আৰ্যসকল এটা পশুপালক গোষ্ঠী আছিল; এইফালৰপৰা তেওঁলোকে গৰু লগত লৈ অহাটো অস্বাভাৱিক নহয়৷ এই যুক্তিৰ প্ৰতিবাদ কৰাসকলৰ মতে আৰ্যসকলৰ আদি গৃহভূমিত bos taurus হে পোৱা গৈছিল আৰু এতিয়াও যায়৷ ভাৰতত যিহেতু এইটো প্ৰজাতি পোৱা নাযায়, গতিকে তেওঁলোকে লগত গৰু অনা নাছিল বা আনিছিল যদিও ভাৰতৰ জলবায়ুত সি জীয়াই নাথাকিল৷

সি যি নহওক, এইটো ঠিক যে ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা গৰু ভাৰত অঞ্চলৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ অবিচ্ছেদ্য অংশ হৈ আছে৷ মানুহে পোহা প্ৰাণীবোৰৰ ভিতৰত গৰুৰে ব্যৱহাৰিক মূল্য সবাতোকৈ বেছি: ইয়াৰ গাখীৰ এবিধ পুষ্টিকৰ খাদ্য, গাখীৰৰপৰা প্ৰত্যক্ষভাৱে পোৱা সামগ্ৰী দৈ, মাখন আৰু ঘিঁউৰো পুষ্টিমূল্য বহুত বেছি; আনহাতে গাখীৰেৰে তৈয়াৰ কৰা সামগ্ৰী পায়স, ক্ষীৰ, মিঠাই আদি ৰুচিকৰ খাদ্য৷ আকৌ, গৰুৰ গোবৰ এবিধ উচ্চমানৰ আৰু প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিবপৰা সাৰ৷ ইয়াৰ ছাল আৰু হাড়ৰপৰাও ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰা হয়৷ ষাড়গৰু সামগ্ৰী পৰিবহন আৰু কৃষিকাৰ্যৰ সৌ সিদিনালৈকে বিকল্পবিহীন বাহন আছিল৷ গৰু এবিধ অতি শান্ত আৰু সহজতে সন্তুষ্ট থকা প্ৰাণী৷ এইবোৰ গুণৰ বাবেই গৰুৰ ওপৰত দেৱত্ব আৰোপ কৰিছিল প্ৰাচীন ভাৰতীয়সকলে৷ ইয়াক অবধ্য বুলিও ধৰ্মগ্ৰন্থই ঘোষণা কৰিছিল৷ বেদৰ যুগত গৰুক আটাইতকৈ মূল্যবান ‘সামগ্ৰী’ বুলি কোৱা হৈছিল৷ এটা প্ৰাচীন কাহিনীয়ে গৰুৰ মূল্য (দাম?) ভালকৈয়ে বুজাব পাৰে৷

কাহিনী :

এদল মাছমৰীয়াৰ জালত এবাৰ মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ লগতে পানীৰপৰা উঠি আহিল চ্যাবন মুনিও৷ মুনিগৰাকীয়ে পানীত বুৰ মাৰি ধ্যান কৰি আছিল৷ মুনিগৰাকীৰ ধ্যান ভংগ কৰি মাছমৰীয়াসকল ভয়ত কঁপিব ধৰিলে৷ অভিশাপৰপৰা ৰক্ষা পৰিবলৈ মুনিক ক্ষতিপূৰণ দিবলৈ সাজু হ’ল মাছমৰীয়াসকল৷ ইতিমধ্যে জালত পৰা মাছবোৰৰ মৰিল৷ এই মৃত্যুত মুনি চ্যবনে বৰ দুখ পালে৷ তেওঁ ক’লে— এই মাছবোৰৰ লগতে ইমান দিন মই আছিলোঁ৷ ইমান দিনৰ বন্ধুক এৰি মইনো কেনেকৈ জীয়াই থাকোঁ৷ এতিয়া মই মৃত্যু বৰণ কৰোঁ, নহ’লে এই মাছবোৰৰ লগতে মোক তোমালোকে বিক্ৰী কৰি দিয়া৷ মুনিৰ কথাত মাছমৰীয়াসকলে বেছিহে ভয় খালে গোটেই ঘটনাটো ৰজা নহুষক জনালে৷ নহুষে প্ৰজাৰ হৈ মুনিক ক্ষতিপূৰণ দিবলৈ সাজু হ’ল৷ তেওঁ এহেজাৰ মুদ্ৰা দিব বুলি মুনিক ক’লে৷ মুনিয়ে এই পৰিমাণ কম হ’ব বুলি কোৱাত ৰজাই মুদ্ৰাৰ পৰিমাণ বঢ়াই এক লাখ, এক কোটি আনকি অৰ্ধৰাজ্যও মুনিক দিবলৈ সাজু হ’ল৷ সেয়াও কম হ’ব বুলি মুনিয়ে কোৱাত ৰজা নহুষে এজনী গাইগৰু দিব বিচাৰিলে৷ এইবাৰ মুনি চ্যবনে ক্ষতিপূৰণ সঠিক হৈছে বুলি মানি ল’লে৷

ঋকবেদত পৃথু নামৰ এজন লোকে, যি পাছত ৰজা হৈছিল, ফাল আৱিষ্কাৰ কৰি হাল বাই মাটি চহোৱাৰ পদ্ধতি আৰম্ভ কৰিছিল বুলি কোৱা হৈছে৷ সেই কালৰেপৰা গৰুৱে ভাৰতীয় সভ্যতাত বিশেষ সামাজিক আৰু ধৰ্মীয় গুৰুত্ব পাই আহিছে৷ বিশেষভাৱে ঋক আৰু অথৰ্ব বেদ, দুইখন মহাকাব্য আৰু কেইবাখনো পুৰাণত গৰুৰ অৰিহণা আৰু উপকাৰক গুৰুত্ব সহকাৰে বৰ্ণনা কৰা হৈছে৷

এখন পুৰণি গ্ৰন্থ  :



প্ৰাচীন ভাৰতীয় ধৰ্ম আৰু সমাজত গৰুৰ গুৰুত্ব কিমান আছিল জানিব পৰা এখন গৱেষণা-গ্ৰন্থৰ বিষয়ে ক’বলৈকে ইমান দীঘল পাতনি লিখা হ’ল৷ এইখনৰ প্ৰকাশক দিল্লীৰ জি ডি কে পাব্লিকেচন, প্ৰকাশৰ বছৰ ১৯৮০ চন৷ এই হিচাপত গ্ৰন্থখন বেছি পুৰণি নহয়৷ গ্ৰন্থখনৰ নাম— The Study of Cow in Sanskrit Literature৷ ইয়াৰ পৃষ্ঠা সংখ্যা ২৮৪৷ গ্ৰন্থখনত ১৬ পৃষ্ঠাৰ এখন অক্ষৰানুক্ৰমিক নিৰ্ঘণ্ট যোগ কৰা হৈছে৷ আনহাতে প্ৰসংগ গ্ৰন্থৰ তালিকাত ৩৪খন সংস্কৃত ভাষাৰ আৰু ১৭খন ইংৰাজী ভাষাৰ গ্ৰন্থৰ নাম সংযোগ কৰা হৈছে৷ ইয়াৰপৰাই বুজিব পৰা যায় যে লেখকে এই গ্ৰন্থখনৰ বাবে প্ৰচুৰ পৰিশ্ৰম কৰিছে৷ গৰু সম্পৰ্কে সংস্কৃত ভাষাত ৰচিত প্ৰায়  সমস্ত গ্ৰন্থ অধ্যয়ন কৰি এই গ্ৰন্থখন লিখোঁতে তেওঁ সিদ্ধান্তলৈ আহিছে যে The cow has a very important role to play not only in the religious life of a devout Hindu, but also in the economic and social life of all Indians right from the vedic age down to the modern times. The cow appears to be the most useful of all the animals from time immemorial. এইবোৰ গ্ৰন্থৰ সাৰাংশ এই গ্ৰন্থৰ লেখকৰ মতে এনেকুৱা— Manu found Ghee as a sacrificial substance and to produce it he, by the grace of Mitra and Varuna, got the animal in a bovine form. Hence the cow was produced for the realisation of Ghṛta for sacrificial purpose during the vedic period. The cow is called Ghee-footed. Prajapati first produced fire and for his propitiation offered Ghee-oblations with Svähä. Later all the gods were created and they found the Säman in the cow. Agni is said to have united with her and produced milk. Milk is indeed the seed of Agni. Hence milk is resplendent like Agni and it is warm even at the time of milking as it happens to be the seed of Agni.

Surabhi, the mother of bovine species, was the daughter of Dakşa. She was produced by him by belching after taking nectar. She gave birth to Nandini by her connection with Kaśyapa. She was capable of granting all wishes. She was obtained by Apava for his sacrificial purposes. Another version in the Mahabharata and all the Puranas describe that Surabhi was produced when the great ocean was churned. While the Padma Purāņa elevates her and speaks of her origin along with the Vedas, the Brahma Vaivarta Purana speaks of her origin from krisna's body.

গ্ৰন্থখনত যদিও সংস্কৃত ভাষাত ৰচিত ঘাইকৈ ধৰ্মগ্ৰন্থবোৰত থকা গৰু বিষয়ৰ বিভিন্ন তত্ত্ব আৰু তথ্য সন্নিৱিষ্ট কৰা হৈছে আৰু গ্ৰন্থখনৰ নামেও তেনেকুৱা ইংগিতকে দিছে, লেখক কিন্তু আধুনিক সময়লৈকো আহিছে আৰু গৰু সম্পৰ্কে আধুনিক বৈজ্ঞানিক তথ্য কিছুমান দাঙি ধৰিছে৷ ভাৰতত সম্প্ৰতি পোৱা bos indicus-অৰ ১৭টা উপপ্ৰজাতিৰ চমু বিৱৰণ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা বাবে পঢ়ুৱৈয়ে ধৰ্মগ্ৰন্থত বৰ্ণনা কৰা গৰুবিলাকৰ লগত তুলনা কৰি চাব পাৰিছে৷ গ্ৰন্থখনত মুঠ বাৰটা অধ্যায় আছে৷

গ্ৰন্থখনৰ লেখক হ’ল B.V.V.S.R. Sharma৷ গ্ৰন্থখনত লেখকৰ পৰিচয় সংযোগ পকা হোৱা নাই৷ অন্য উৎসত খবৰ কৰি জানিব পৰা গৈছে যে গ্ৰন্থকাৰ শৰ্মা ভাৰতীয় আৰু বৌদ্ধ ঐতিহ্যৰ এগৰাকী পৰিশ্ৰমী গৱেষক৷ আমি নিশ্চিত নহয়, কিন্তু প্ৰাপ্ত তথ্যই কয় যে শৰ্মা কৃষি প্ৰবন্ধন (agricultural management) বিষয়ত উচ্চ ডিগ্ৰীধাৰী আৰু এই বিষয়তে উচ্চ পৰ্যায়ৰ পদবীত কাৰ্য নিৰ্বাহ কৰিছিল৷ তেওঁৰ নামত দুই এখন গৱেষণা পত্ৰ উদ্ধৃতি চকুত পৰিছে, অৱশ্যে এইবোৰ পঢ়িবলৈ পোৱা নাই৷ আলোচ্য গ্ৰন্থখন শৰ্মাৰ একমাত্ৰ গ্ৰন্থ হ’ব পাৰে৷

উপসংহাৰ :

গৰু এতিয়াৰ ভাৰতত এবিধ ৰাজনৈতিক প্ৰাণী৷ গব্যবোৰ এতিয়া যাগ অথবা যজ্ঞত তেনেকৈ ব্যবহাৰ নহয়, কিন্তু খাদ্য আৰু ঔষধি হিচাপে ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে৷ একে সময়তে কিন্তু গৰুৱে পোহনীয়া জন্তুৰ মৰ্যাদা হেৰুৱাবলৈ লৈছে৷ খেতি আৰু গাড়ী টনাৰ কাম যান্ত্ৰিক বাহন আৰু যন্ত্ৰই ইতিমধ্যে অধিগ্ৰহণ কৰিছে; সেয়ে বলধ গৰুৱে গুৰুত্ব হেৰুৱাইছে৷ গাখীৰৰ বাবে গাই গৰু এতিয়ালৈ প্ৰাসংগিক হৈ আছে৷ কিন্তু দুগ্ধজাত সকলো সামগ্ৰীয়েই অনায়াসে, প্ৰয়োজন মতে আৰু যথেষ্ট পৰিমাণে বজাৰত পোৱাত গাই গৰুৱে ঘৰুৱা পৰিৱেশ এৰি পামভিত্তিক প্ৰাণীত পৰিণত হৈছে৷ এনে সময়তে গৰুক ৰাজনৈতিক প্ৰাণী কৰি পেলোৱা হৈছে৷ এই ধামখুমীয়াত গৰু সম্পৰ্কে ধৰ্মগ্ৰন্থৰ বক্তব্য জনাৰ প্ৰয়োজন হৈছে৷ ইয়াৰ বাবে নিশ্চিতভাৱেই সংশ্লিষ্ট গ্ৰন্থবোৰেই পঢ়িব লাগিব৷ আলোচ্য গ্ৰন্থখনে এনে অধ্যয়নৰ যাত্ৰাত পথ নিৰ্দেশকৰ কাম কৰিব ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ