অন্যযুগ/


ফটাচোলাৰ ৰং

 (পূৰ্ণাংগ নাটক)

 জ্যোতি প্ৰসাদ শইকীয়া

ষষ্ঠ দৃশ্য

(মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে দেৱীক মাতে)

পলী – দেৱী, দেৱী! (দেৱী ভিতৰৰ পৰা সোমাই আহে)

দেৱী – মাহী

পলী – এই ফ্ৰকটো ইয়াত কোনে থ’লে?

দেৱী – মই৷

পলী – কিয়? এইটো কোঠাৰ টেবুলত চোলা-পেণ্ট ৰাখে নেকি?

দেৱী – এইটো ফ্ৰক ফাটিলে৷

পলী – ফাটিলে, চিলাই ল’লেই হ’ল৷

দেৱী – আইতাই বহুতবাৰ চিলালে৷ চিলাবলৈ ঠায়েই নাই বুলি কৈছে৷

পলী   সেইবাবেই কি পেলাই দিবা নেকি? এইটো মই কিনিছিলোঁ৷ মই কিনি পিন্ধিবলৈ দিয়া ফ্ৰকটো কি দলিয়াই দিবা?

দেৱী – ককাই বেপাৰীজনক দি দিবলৈ কৈছে৷

পলী  – কি?

দেৱী – ককাই কৈছে ফটা চোলা পিন্ধিব নালাগে৷ মাৰ কাপোৰবোৰৰ দৰে এইটোও ধনীৰাম বেপাৰীক দি দিবলৈ কৈছে৷

পলী – খবৰদাৰ! চোলাটো কাকো দিব নোৱাৰাঁ৷ ফটা হ’লেও তুমি পিন্ধিব লাগিব৷ মই বিচৰাৰ দৰেই এইখন ঘৰত সকলো হ’ব লাগিব৷

দেৱী – মই এইটো নিপিন্ধো৷

পলী – পিন্ধিব লাগিব৷

দেৱী – মোক এইটো পিন্ধিবলৈ নিদিবা মাহী৷

পলী – পিন্ধিবই লাগিব!চোলাটো আগবঢ়াই) পিন্ধা৷

দেৱী – এই ফ্ৰকটোলৈ মোৰ ভয় লাগে৷ মোৰ ভাল নালাগে৷ মোক এটা নতুন চোলা দিয়ক৷ এইটো নিদিব৷ (ভয়ত কান্দে)(Music)

পলী – তুমি এই ফুটফুটীয়া ফ্ৰকটোকে পিন্ধিব লাগিব৷ (Music)

দেৱী – মাহী

পলী – জিলিকিও থাকিব লাগিব, ফাটি উঁৱলিও যাব লাগিব৷পিন্ধা৷

দেৱী – নিপিন্ধো!(Mood change) মোৰ মাৰ ধুনীয়া শাৰীবোৰ বেপাৰীক দি দিলে৷ (Music)        এই ফ্ৰকটোও দি দিয়ক৷ ফটাচোলা মই নিপিন্ধো৷ আইতাই আৰু ফটা চোলা চিলাই থাকিব নালাগে৷

পলী – ষ্টুপিড্, বেছি লাই পাইছ! (দেৱীক চৰ এটা মাৰিবলৈ লওঁতেই নিৰদা সোমাই আহে৷ (Direction)]

নিৰদা – পলী! (দেৱী নিৰদাৰ কাষলৈ যায়)

দেৱী – (কান্দি) আইতা!

নিৰদা – তুমি এইক নামাৰিবা৷ তাই ফ্ৰকটো পিন্ধিব৷ মই আকৌ চিলাই দিম৷ তাইক একো নকৰিবা৷    (পলী উচাট মাৰি মঞ্চৰ পৰা ভিতৰলৈ সোমাই যায়)

দেৱী – (কান্দি কান্দি) আইতা! এই ফ্ৰকটো মই নিপিন্ধো৷ এইটো পিন্ধিবলৈ মোৰ ভয় লাগে আইতা৷

নিৰদা – মোৰো ভয় লাগে৷ মোৰো বুকুত কঁপনি  উঠে৷ কিন্তু এই ভয়টো আঁতৰাবৰ বাবে তুমি আকৌ ফ্ৰকটো পিন্ধিব লাগিব৷

দেৱী – আইতা!

নিৰদা – মই আকৌ এটা চিঞৰ শুনিব নিবিচাৰোঁ দেৱী৷

দেৱী – আইতা (Music)

(দেৱীয়ে নিৰদাক সাবটি ধৰিব৷ দুয়োৰে মঞ্চৰ মধ্য zone -অত অৱস্থান কৰিব৷ হঠাৎ নিৰৱতা৷ দেৱী উচুপি উঠিব৷ পুনৰ ভায়’লিনত কৰুণ সুৰ৷ দুয়ো Freeze হ’ব৷ লাহে লাহে লাইট কমিব৷)

 

সপ্তম দৃশ্য

(মঞ্চত বেদনাথ বৰুৱা আৰু নিৰদা৷ এটা গীতৰ সুৰ ভাহি আহিব ৷ (Music)


বেদনাথ – নিৰদা!

নিৰদা – ওঁ

বেদনাথ – পুৰণা গীতৰ সুৰ এটাই বৰকৈ আমনি কৰা যেন ভাব হৈছে৷

নিৰদা – কি গীত?

বেদনাথ – নাজানো! কিন্তু বাৰে বাৰে আমাৰ সময়তে জন্ম লোৱা Mary Hopkin নামৰ প্ৰখ্যত গায়িকাগৰাকীয়ে গোৱা প্ৰথম গীতটো মনত পৰিছে৷ (Music)

নিৰদা – কি গীত?

বেদনাথ – আমাৰ লোকজীৱনত মুখে মুখে ভাহি থকা গীতবোৰৰ সুৰেই যেন মই বিচাৰি পাইছিলোঁ৷ (Music)

কলেজৰ প্ৰথম দিনবোৰত গীতটো কাৰোবাৰ মুখত শুনিছিলোঁ

Those were the days, my friend

We thought they’d never end

We’d sing and dance and

Dream together

We’d steal each other’s

Hearts away

শৈশৱৰ ধুনীয়া দিনবোৰ বৰ ধুনীয়াকৈ বৰ্ণনা কৰিছে৷ শৈশৱৰ simplicity বিলাক চকুৰ আগত ধৰা দিছে৷

নিৰদা – এতিয়ানো শৈশৱৰ কথা মনত পৰিলে কিয়?

বেদনাথ – নপৰিব কিয়? দেৱীয়ে জানো এনে এক শৈশৱৰ মুহূৰ্তকে কঢ়িয়াই ফুৰা নাই?

নিৰদা – বৰ দুখ লাগে৷ কেনেকৈ যে ছোৱালীজনী ডাঙৰ হ’ব৷

বেদনাথ – দুখ নকৰিবা৷ তাই ভালদৰেই ডাঙৰ হ’ব৷ দুখ-বেজাৰ সদায় নাথাকে নিৰদা৷ (Music) এদিন ক্লাছত ময়েই ল’ৰা-ছোৱালীবোৰক কৈছিলোঁ – Every storm will pass, and the rainbow will appear.

নিৰদা – আপুনি ইংৰাজী বিষয়ৰ শিক্ষক হোৱা বাবেই গোটেই জীৱন ইংৰাজবোৰে কোৱা কথাকে ক’লে৷ প্ৰতিদিনেই বিদেশী পণ্ডিতৰ কথা কয়৷ কিন্তু এইখন ভাৰতবৰ্ষ, এইখন অসম! সকলো কিতাপৰ উদ্ধৃতি ইয়াত খাপ নাখায়৷

বেদনাথ – নিৰদা তুমি দেখোন জানাই৷ মই মাথো ইংৰাজী সাহিত্যকে ভাল নাপাওঁ৷ গীতা-ভাগৱতো পঢ়োঁ৷ হেৰা...

নিৰদা – কিন্তু দেৱীৰ, মোৰ আৰু আপোনাৰ দুঃখবোৰ কোনে কেতিয়া আঁতৰাব?

বেদনাথ – শ্ৰীমদ্ভগৱত গীতাতো কৈছে – ভগৱানৰ সৃষ্টি, স্থিতি, প্ৰলয়ৰ ক্ৰীড়াত মৌলিক সূত্ৰটোৱেই হৈছে আত্যন্তিক দুখৰ নিবৃত্তি কৰি ঐকান্তিক সুখ লাভ কৰা৷ (Music)  দুখৰ মাজেদিয়েই আমি পৰমানন্দৰ দিশলৈ যাব লাগিব৷ The Sun will shine again.

নিৰদা – জয়াক জানো পাহৰিব পাৰিম? তাই ৰোৱা শেৱালিজোপা আৰু তাই পিন্ধা কাপোৰবোৰ জানো ঘূৰাই পাম?

বেদনাথ – কিন্তু দেৱী জানো জয়াৰে এটুকুৰা মঙহ নহয়! হয়তো দেৱীৰেই এদিন জয়া হ’ব৷

নিৰদা – পলীয়ে জানো …

বেদনাথ – পলীয়ে কি কৰিব? যশোদা হ’ব নোৱৰা কোনো নাৰীয়েই কৃষ্ণৰ সপোন দেখিব নোৱাৰে৷ (Music) সত্য কেতিয়াও নিঃশেষ নহয়৷ মাথোঁ অপেক্ষা কৰাঁ৷ The Sun will shine again. পদূলিত শেৱালিও আকৌ ফুলিব!

(বেদনাথ লাহে লাহে নিৰদাৰ কাষ চাপি আহিব. দুয়ো Mid Zone-অত অৱস্থান কৰি Freeze হ’ব৷ লাইট লাহে লাহে কমিব৷) (Music)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ