যোৱা বাইছ
এপ্ৰিলৰ দিনা কাশ্মীৰৰ পহলগাম নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰ্যটনস্থলীত
সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামত নিৰীহ ভাৰতীয় নাগৰিকৰ হত্যাই সম্প্ৰতি সমগ্ৰ পৃথিৱীকে
জোকাৰি গৈছে৷ ঘটনাত জীৱন ত্যাগ কৰিবলগীয়া হোৱা সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ
কৰিছোঁ আৰু ৰক্তপাতক যিসকলে ধৰ্ম বুলি ভাবে সেইসকলক ধিক্কাৰ দিছোঁ৷
ভাৰতবৰ্ষক অশান্ত কৰি ৰাখিবলৈ পাকিস্তান নামৰ দেশখনে জন্মলগ্নৰেপৰা যিবোৰ অপচেষ্টা চলাই আহিছে সিদিনাৰ ঘটনাটোও তাৰে মাজৰ এটা৷ ভাৰতৰ বিপক্ষে অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ দি যোৱা প্ৰায় আঠোটা দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদী সৃষ্টি কৰি আহিছে আৰু তেনে সন্ত্ৰাসবাদীয়ে বহু হাজাৰ ভাৰতীয়ক হত্যা কৰিছে৷ বাইছ এপ্ৰিলৰ ঘটনাৰ ফলস্বৰূপে ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত বহুতো কিবাকিবি ঘটি আছে৷ তাৰ ভিতৰত দুয়ো দেশে নিজৰ ভূমিত থকা আনখন দেশৰ নাগৰিকক দেশান্তৰ কৰিছে, উচ্ছায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ বন্ধ কৰিছে নাইবা কমাইছে, বাণিজ্যৰ দিশতো নানান বাধা-নিষেধ আৰোপ কৰা হৈছে, সিন্ধু জলচুক্তি বাতিল কৰি ভাৰতে পাকিস্তানক মৰুভূমি হ’বলৈ আগ বঢ়াই দিয়াৰ দৰে সিদ্ধান্তও লৈছে৷ ঘটনা সংঘটিত হোৱাৰ মুহূৰ্তৰেপৰাই পাকিস্তানৰ চৰকাৰী পক্ষই দেশখন সেই ঘটনাত কোনো প্ৰকাৰে জড়িত নহয় বুলি প্ৰচাৰ কৰিবলৈ যত্ন কৰিছে, যুদ্ধ হ’বলৈ হ’লে পাৰমানৱিক অস্ত্ৰ প্ৰয়োগ কৰাৰ ভাবুকি দিছে, লণ্ডনত থকা পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয় প্ৰাঙ্গণত দেশখনৰ উচ্চপদস্থ সেনা বিষয়াই ভাৰতীয়ৰ ডিঙি কটাৰ ইঙ্গিত দিছে ইত্যাদি বহু কিবাকিবি হৈ আছে৷ একে সময়তে পাকিস্তানৰ সেনাবাহিনীত পদত্যাগৰ ঢৌ উঠিছে৷
মন কৰিব লাগিব, পাকিস্তান নামৰ দেশখনৰ জন্ম হৈছিল ঘৃণাৰ জৰিয়তে৷ দেশখনত এতিয়াও পাঠ্যপুথিত ভাৰতীয়ক ঘিণ কৰিবলৈ শিকোৱা পাঠ আছে৷ পাকিস্তান তেনে এখন দেশ, যি দেশত ঘাঁহ খাই হ’লেও পাৰমাণৱিক বোমা প্ৰস্তুতিৰ উদ্যোগ চলে৷ পাকিস্তান তেনে এখন দেশ, যিখন দেশ বিদেশৰ পৰা লোৱা ঋণেৰে চলে আৰু সেই ঋণৰ সিংহভাগ খৰচ কৰা হয় অস্ত্ৰ-শস্ত্ৰ আৰু সেনাবাহিনীৰ নামত আৰু তাৰো অধিকাংশ সোমায়গৈ ৰাজনৈতিক তথা সামৰিক নেতৃত্বৰ জেপত ৷ পাকিস্তান তেনে এখন দেশ যি দেশৰ বিজ্ঞান-প্ৰযুক্তিৰ মন্ত্ৰীয়ে ভাৰতৰ চন্দ্ৰ অভিযানক ইতিকিং কৰি কয় যে তেওঁলোকৰ পতাকাতে চন্দ্ৰ আছে! গতিকে চন্দ্ৰ অভিযান!! হাস্যকৰ!!! পাকিস্তান পৃথিৱীৰ একমাত্ৰ পাৰমাণৱিক অস্ত্ৰসমৃদ্ধ দেশ যি ভাৰতৰ বিৰুদ্ধে বিভিন্ন সময়ত পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ ভাবুকি দি থাকে।
ঘটনাৰ পাছতেই
ভাৰতৰ নাগৰিকৰ মাজতো নানান চিন্তা-প্ৰতিচিন্তাৰ প্ৰকাশ দেখা গৈছে৷ বহুতে চৰকাৰৰ
ব্যৰ্থতাৰ কথা কৈছে, বহুতে চোৰাংচোৱাৰ ব্যৰ্থতাৰ কথা কৈছে৷ বহুতে
আকৌ নিজৰ দেশৰ চৰকাৰৰ বিৰোধিতাৰ নামত চৰকাৰ চলোৱা ৰাজনৈতিক দলৰে বিৰোধিতা কৰিছে৷
সকলোৰে উধ্বৰ্ত, হাস্যকৰভাৱে চৰকাৰ বা চৰকাৰ চলোৱা ৰাজনৈতিক দলৰ
বিৰোধিতা কৰিবলৈ গৈ বহুতে পাকিস্তানৰ প্ৰতি সমৰ্থন আগ বঢ়াই ৰঙাঘৰৰ আলহী
হ’বলগীয়াতো পৰিছে৷
চৰকাৰে কি কৰি আছে? এইটো প্ৰশ্নও বহুতে উত্থাপন কৰিছে৷ কথা হৈছে, চৰকাৰীভাৱে কৰা পৰিকল্পনাৰ সকলো কথা ৰাজহুৱা কৰা নহয়– যদিহে বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত হয় আৰু আন ৰাষ্ট্ৰৰ প্ৰসঙ্গতাত জড়িত হৈ থাকে৷ বহু চালি-জাৰিহে চৰকাৰৰ সিদ্ধান্ত বা পদক্ষেপ সম্পৰ্কে ৰাজহুৱাকৈ প্ৰকাশ কৰা হয়৷ কাৰণ গাৰ নোমেই যে শত্ৰু অথবা বেৰৰো যে কাণ থাকে তাৰ প্ৰমাণ ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ ক্ষেত্ৰত আমি বাৰম্বাৰ পাই আহিছোঁ৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত সমৰনীতি বহু সময়ত কুটনীতিৰ সমাৰ্থক। সেয়েহে পহলগামৰ ঘটনাটোৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতৰ পক্ষৰ পৰা এবাৰলৈকো পাকিস্তানৰ বিৰুদ্ধে কোনো সামৰিক অভিযানৰ কথা কোৱা হোৱা নাই আৰু পাকিস্তানে বাৰম্বাৰ যুদ্ধ যুদ্ধকৈ চিঞৰিবলৈ ধৰিছে।
যিকোনো দেশৰ
চোৰাংচোৱা ব্যৱস্থাই অনেক ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ পৰিকল্পনা ধ্বংস কৰি থাকে
যিবোৰ কথা সৰ্বসাধাৰণে জনাটো সম্ভৱ নহয়৷ সৰ্বসাধাৰণে সেইখিনিহে জানিব পাৰে যিখিনিত
চোৰাংচোৱা ব্যৱস্থাটো বিফল হয়৷ অন্যথা ৱল্ডৰ্ ট্ৰেড চেণ্টাৰত অন্ততঃ সন্ত্ৰাসবাদী
আক্ৰমণ সফল নহ’লহেঁতেন৷ অতি স্বাভাৱিক ধৰণে আমাৰ চোৰাংচোৱা ব্যৱস্থাৰো ব্যৰ্থতাক
বহুতে সমালোচনা কৰিছে৷ সুৰক্ষিত স্থানত থাকি যিকোনো বিষয়ত বিশেষজ্ঞৰ দৰে মন্তব্য
দিবলৈ আটাইতকৈ ভাল৷ কিন্তু যিসকলে কাশ্মীৰৰ দৰে সুন্দৰ অথচ ভয়াৱহ প্ৰাকৃতিক
পৰিৱেশত কৰ্তব্যৰত হৈ দেশখনৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিছে অথবা যিসকল চোৰাংচোৱাই
নিজৰ জীৱনৰ সকলো আশা-আকাংক্ষা জলাঞ্জলি দি দেশৰ স্বাৰ্থত বিদেশৰ তথ্য সংগ্ৰহ
কৰিবলৈ পিছ হুঁহকি নাহে সেইসকলৰ প্ৰতি আমাৰ বিচাৰ-বিৱেচনা মানৱীয় হোৱা উচিত৷
কিন্তু সম্প্ৰতি
আমাৰ চৰকাৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় হৈছে ৷ এনে এটা কঠোৰ সিদ্ধান্ত লোৱা
হওক যি সিদ্ধান্তৰ পৰিণাম মনত পেলাই পাকিস্তানে ভৱিষ্যতে ভাৰতবৰ্ষৰ পিনে পোনকৈ
চাবলৈও সাহস নকৰিব ৷ কোনো সামৰিক পদক্ষেপ গ্ৰহণৰ বেলিকা এটা মানৱীয় প্ৰশ্ন প্ৰায়ে
উত্থাপন হয়– নিৰীহ অসামৰিক লোকৰ জীৱন আৰু সম্পত্তি হানিৰ ৷ কিন্তু মনত ৰাখিব লাগিব,
সন্ত্ৰাসবাদীহঁতে
ইমানবোৰ বছৰত বহু অসামৰিক লোকক হত্যা কৰি আহিছে৷ ধৈৰ্যৰ সীমা থকা উচিত ৷ একেদৰেই
ক্ষমাৰো একোটা পৰিসৰ থকা উচিত৷