অন্যযুগ/


শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব

° ইন্দ্ৰানীৰেখা শইকীয়া

 

আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা পাতোঁতে কিমান মনোযোগ দিয়ে? সেই মুহূৰ্তত তেওঁ কেৱল খেলি থকা নাই — তেওঁ শিকি আছে, অনুভৱ কৰি আছে, আৰু বিকশিত হৈ আছে৷ খেল হৈছে শিশুৰ ভাষা৷ আৰু ইয়াৰ মাজতেই লুকাই আছে তেওঁৰ সামগ্ৰিক বিকাশৰ চাবিকাঠি৷

খেলৰ সংজ্ঞা :

প্ৰথমতেই জানো আহক — খেল মানে কি?

Play is ‘A physical or mental leisure activity that is undertaken purely for enjoyment or amusement and has no other objective.’

অৰ্থাৎ, খেলা হৈছে এনে এক শাৰীৰিক বা মানসিক কাৰ্যকলাপ যি কেৱল আনন্দ আৰু মনোৰঞ্জনৰ বাবে কৰা হয় — ইয়াৰ বাহিৰে আন কোনো উদ্দেশ্য নাথাকে৷ এক কথাত কবলৈ গলে, Play is the occupation of a child — শিশুৰ কামেই হল খেলা আৰু খেলা৷

শিশুৱে তেওঁৰ চাৰিওফালৰ পৃথিৱীখনৰ বিষয়ে জানিব পাৰে খেলা-ধূলাৰ জৰিয়তে৷ খেলাৰ জৰিয়তে হোৱা অভিজ্ঞতাৰ পৰা শিশুৱে গোটাই ল’ব পাৰে বহুত জৰুৰী ইন্দ্ৰিয়গত তথ্য (sensory information)৷ আমাৰ ইন্দ্ৰিয়সমূহে — চকু, কাণ, নাক, জিভা, ছাল — বাহিৰৰ জগতৰ পৰা যি তথ্য সংগ্ৰহ কৰে, তাকেই কোৱা হয় sensory information বা ইন্দ্ৰিয়গত তথ্য৷ এই তথ্যসমূহ শিশুৰ বিকাশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷

শিশুৰ বিকাশৰ ক্ষেত্ৰসমূহ :

খেলে শিশুৰ কোন কোন দিশত বিকাশ সাধন কৰে?

খেলাৰ জৰিয়তে শিশুসকল শাৰীৰিকভাৱে শক্তিমান হ’ব পাৰে — এইটো আমি সকলোৱে জানো৷

কিন্তু ইয়াৰ বাহিৰেও খেলে শিশুৰ মানসিক আৰু সামাজিক বিকাশতো অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চাওকচোন কেনেদৰে:

মানসিক বিকাশ, যাক প্ৰায়েই জ্ঞানমূলক (cognitive development) আৰু মনস্তাত্ত্বিক বিকাশ (psychological development) বুলি কোৱা হয়, তাত খেলা-ধূলাই অতুলনীয় অৱদান আগবঢ়ায়৷ এই ক্ষেত্ৰসমূহে শিশুৱে কেনেকৈ চিন্তা কৰে, শিকে, অনুভৱ কৰে আৰু পৃথিৱীখনৰ সৈতে কেনেকৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰে তাক প্ৰতিফলিত কৰে৷ এই ভাগবোৰ ইটো আনটোৰ সৈতে গভীৰভাৱে জড়িত আৰু এটা ক্ষেত্ৰৰ উন্নতিয়ে প্ৰায়েই আনটোৰ বিকাশত সহায় কৰে৷

মানসিক বিকাশৰ মুখ্য শ্ৰেণীসমূহ হ’ল:

·        জ্ঞানমূলক বিকাশ (চিন্তা আৰু সমস্যা সমাধান)

এই ক্ষেত্ৰখনে মগজুৰ তথ্য প্ৰক্ৰিয়াকৰণ, চিন্তা কৰা, শিকা আৰু অন্বেষণ কৰাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ে৷ এই সমস্যা সমাধান, আৰু চিন্তা কৰাৰ ক্ষমতা খেলৰ মাজেদিয়েই বিকশিত হয়৷

·        মনোযোগ (Attention)

কোনো বিষয়ত মনোযোগ দিয়া বা একাগ্ৰতা বৃদ্ধি কৰা আৰু দীঘলীয়া সময় ধৰি মনোযোগ ৰখাৰ ক্ষমতা খেলৰ মাজেদিয়েই গঢ়ি উঠে৷

·        স্মৃতিশক্তি (Memory)

কথা মনত ৰখা বা সোঁৱৰণ কৰাৰ ক্ষমতা খেলৰ অভিজ্ঞতাৰ মাজেদিয়েই শক্তিশালী হয়৷

·        নতুন জ্ঞান আহৰণ (Learning)

খেলোতে শিশু এটিয়ে নিজে নিজে পৰীক্ষা-নিৰীক্ষা কৰে — এইদৰেই হয় প্ৰকৃত শিক্ষা৷

·        যুক্তি আৰু বিচাৰ (Reasoning)

চিন্তা কৰি কোনো সিদ্ধান্তত উপনীত হোৱাৰ ক্ষমতা খেলৰ মাজেদিয়েই অনুশীলন হয়৷ কাৰ্য-কাৰণ সম্পৰ্ক (cause and effect ), সময় আদি ধাৰণাবোৰ বুজি পোৱা হয় খেলা-ধূলাৰ যোগেদি ৷

·        সমস্যা সমাধান (Problem Solving)

কোনো কঠিন পৰিস্থিতিত সমস্যাৰ সমাধান উলিওৱাৰ দক্ষতা খেলৰ জৰিয়তেই শিশুৱে আয়ত্ত কৰে৷

·        কল্পনাশক্তি আৰু সৃষ্টিশীলতা

বিভিন্ন ভূমিকা লৈ নাটক কৰা (role play) বা কাল্পনিক খেল (pretend play) খেলাই শিশুৰ কল্পনাশক্তি আৰু সৃষ্টিশীলতা বঢ়ায়৷

·        ভাষা (Language) বিকাশ

খেলোতে শিশুৱে নতুন শব্দ শিকে, কথা কয়, শুনে — ভাষাৰ বিকাশ হয় স্বাভাৱিকভাৱে৷

·        যোগাযোগ দক্ষতা (Communication)

আনৰ সৈতে কথা পতা, বুজি পোৱা হোৱা দক্ষতাসমূহ খেলৰ মাজতে শিকে৷

·        আৱেগিক বিকাশ

আনন্দ, হতাশা, ভয়, ৰাগ — এই অনুভৱবোৰ নিয়ন্ত্ৰণ কৰা শিকে খেলৰ মাজতে৷

·        সহানুভূতি (Compassion)

আনৰ অনুভৱ বুজি পোৱা আৰু সহানুভূতি দেখুওৱাৰ ক্ষমতা খেলৰ মাজেদিয়েই গঢ় লয়৷

·        আত্ম-নিয়ন্ত্ৰণ (Self Regulation)

নিজৰ আৱেগ আৰু আচৰণ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা খেলৰ মাজেদিয়েই অনুশীলন হয়৷

·        আত্মবিশ্বাস (Self Confidence)

নিজৰ ওপৰত বিশ্বাস ৰখাৰ ক্ষমতা খেলত সফল হোৱা আৰু চেষ্টা কৰাৰ মাজেদিয়েই গঢ়ি উঠে৷

·        মানসিক সতেজতা

খেলাই মনৰ চাপ কমায় আৰু শিশুক সতেজ অনুভৱ কৰায় — মানসিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য৷

·        সামাজিক বিকাশ

ভাগ-বতৰা কৰা, পাল পাতি খেলা, বন্ধুত্ব গঢ়া ইত্যাদি সামাজিক বিকাশৰ মাধ্যম হল খেল৷ সামাজিক জীৱনৰ প্ৰথম পাঠশালা হৈছে খেলপথাৰ৷

সেয়েহে —

শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে পিতৃ-মাতৃ তথা অভিভাৱকসকলে খেলা-ধূলাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতিকৈ প্ৰয়োজনীয়৷ খেল কেৱল সময় কটোৱাৰ উপায় নহয় — এয়া শিশুৰ বিকাশৰ মূল আধাৰ৷ যেতিয়া এটা শিশুৱে কোনো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে — যেনে, এটা পাজল মিলোৱা বা নিজেই খেলৰ নিয়ম বনোৱা — তেতিয়া তাৰ মগজুৰ সন্মুখৰ অংশ সক্ৰিয় হৈ পৰে৷ এই অংশই নিয়ন্ত্ৰণ কৰে সিদ্ধান্ত লোৱা, ধৈৰ্য ধৰা আৰু আৱেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা৷ যিসকল শিশুৱে পৰ্যাপ্ত খেলৰ সুযোগ নাপায়, তেওঁলোকৰ সৃজনশীলতা আৰু সামাজিক দক্ষতা তুলনামূলকভাৱে কম হয়৷ আনহাতে, ভালদৰে খেলা শিশু পিছলৈ অধিক মনোযোগী, সমস্যা সমাধানত পটু আৰু আৱেগিকভাৱে শক্তিশালী হয়৷ খেল হৈছে শিশুৰ মগজুৰ ব্যায়াম — ই যিমানে বেছি হয়, মগজু সিমানে শক্তিশালী হয়৷ ঠিক একেদৰেই শিশুৱে আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ কিতাপ পঢ়ি নহয়, বা কাৰোবাৰ কথা শুনি নিশিকে— শিকে খেলৰ মাজেদি৷ যেতিয়া খেলত হাৰি যায়, তেতিয়া হতাশা অনুভৱ কৰে৷ যেতিয়া বন্ধুৱে খেলনা কাঢ়ি লয়, তেতিয়া খং উঠে৷ যেতিয়া নতুন কিবা চেষ্টা কৰে, তেতিয়া ভয় লাগে৷ এই অনুভৱবোৰৰ মাজেদিয়েই শিশুৱে শিকে — কেনেকৈ নিজকে নিয়ন্ত্ৰণ কৰে৷ যিসকল শিশুৱে পৰ্যাপ্ত খেলৰ সুযোগ পায়, তেওঁলোক পিছলৈ অধিক আৱেগিকভাৱে পৰিপক্ক হয়৷ বিদ্যালয়ৰ পঢ়াৰ চাপ বহন কৰিবলৈ, সম্পৰ্ক ৰক্ষা কৰিবলৈ, আৰু জীৱনৰ উত্থান-পতনত মানসিকভাৱে টিকি থাকিবলৈ এই ক্ষমতা অপৰিহাৰ্য৷

 আজিৰ শিশুৱে কমকৈ খেলিছে !!! ইয়াৰ পৰিণাম কি?

বিগত পঞ্চাশ বছৰত শিশুৰ মুক্ত খেলৰ সময় ৫০ শতাংশতকৈ বেছি কমি গৈছে৷ ইয়াৰ কাৰণবোৰ আমাৰ চৌপাশতেই আছে৷ অতিৰিক্ত পঢ়া-শুনাৰ চাপ, বিভিন্ন ধৰণৰ ক্লাছ ইত্যাদিবোৰে শিশুৰ দিনটো ইমানেই আবৰি থাকে যে মুক্তভাৱে খেলাৰ সময় নাথাকে৷ ম’বাইল আৰু টেলিভিশ্বনে শাৰীৰিক খেলৰ ঠাই লৈছে৷ আৰু বহু অভিভাৱকে সুৰক্ষাৰ ভয়ত সন্তানক বাহিৰত খেলিবলৈ দিয়া বন্ধ কৰি দিছে৷

ফলত কি হৈছে? শিশুৰ মাজত উদ্বেগ, হতাশা, আৰু আৱেগ নিয়ন্ত্ৰণৰ সমস্যা বাঢ়িছে৷ এইটো কাকতালীয় নহয়৷ শিশুৱে যি অভিজ্ঞতা খেলৰ মাজেদি পাব লাগিছিল — সেই অভিজ্ঞতাৰ অভাৱতেই এই সমস্যাবোৰ গঢ় লৈছে৷

ইয়াত অভিভাৱকৰ ভূমিকা কি?

এজন অভিভাৱক হিচাপে আপুনি কিছু সহজ কামেৰে শিশুৰ জীৱনত খেলৰ ঠাই নিশ্চিত কৰিব পাৰে৷

১) প্ৰতিদিন অন্তত ৩০ মিনিট মুক্ত সময় দিয়ক

কোনো টিউশ্বন নাই, কোনো স্ক্ৰীন নাই৷ কেৱল শিশুটোক নিজৰ ইচ্ছামতে খেলিবলৈ দিয়ক৷

২) সৰল সামগ্ৰী দিয়ক

দামী খেলনাৰ প্ৰয়োজন নাই৷ বালি, পানী, কাগজ, ৰং, মাটি — এইবোৰেই সৰ্বোত্তম খেলৰ সামগ্ৰী৷

৩) শিশুৰ নেতৃত্ব মানি লওক

যেতিয়া শিশুৱে আপোনাক খেলিবলৈ নিমন্ত্ৰণ কৰে — তাৰ নিয়মেৰে খেলক৷ সংশোধন কৰিবলৈ নাযাব৷ তাৰ পৃথিৱীলৈ সোমাই যাওক৷

৪) বাহিৰলৈ যাওক

প্ৰকৃতিৰ মাজত গৈ খেলা-ধূলা কৰিলে শিশুৰ মন শান্ত হয়, কৌতূহল বঢ়ায়, আৰু শৰীৰ সুস্থ ৰাখে৷ নিয়মিতভাৱে বাহিৰলৈ নিয়ক৷

৫) সকলো সমস্যা সমাধান নকৰিব

খেলোতে শিশু যেতিয়া কোনো সমস্যাত পৰে — তাক নিজে সমাধান কৰিবলৈ দিয়ক৷ সহায় বিচাৰিলেহে সহায় কৰক৷

খেল হৈছে প্ৰতিটো শিশুৰ অধিকাৰ৷ যি শিশুৱে আজি মনৰ আনন্দেৰে খেলিব পাৰে — সি কাইলৈ সাহসেৰে জীৱনত আগবাঢ়িব পাৰিব৷ খেল কেৱল শৈশৱৰ স্মৃতি নহয় — এয়া জীৱনৰ ভেঁটি৷

***

ভ্ৰাম্যভাষঃ ৮৮৩৭২ ৫১৮৩৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ